ৰাজ্য চৰকাৰে ছেপ্টেম্বৰ মাহৰ পৰা অৰুণোদয়-৩.০ৰ সুবিধা প্ৰদানৰ পৰিকল্পনা গ্রহণ কৰিছেঃ মুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- বৰ্তমান বিটিআৰ ভ্ৰমণত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিগত দুটা দিনত ওদালগুৰি আৰু তামুলপুৰ জিলাত পর্যালোচনামূলক বৈঠকত মিলিত হোৱাৰ পিছত শনিবাৰে বাক্সা জিলাত উপস্থিত হয় । ৰাজ্য চৰকাৰৰ পাঁচখন বিকাশমুখী আঁচনি যাতে বাক্সা জিলাত ফলপ্রসূভাৱে ৰূপায়ণ হয় সেই সন্দর্ভত মুখ্যমন্ত্রী ড° শর্মাই মুছলপুৰস্থিত বাক্সা জিলা নির্বাচনী বিষয়াৰ কাৰ্যালয়ৰ সভাকক্ষত এখন পর্যালোচনা বৈঠকত অংশগ্রহণ কৰে। বিটিআৰ প্রশাসন, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত হোৱা এই বৈঠকত সমগ্ৰ অসমৰ সৰ্বস্তৰৰ জনসাধাৰণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অৰুণোদয়-৩.০, মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনি, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান, এটি কলি দুটি পাত আঁচনি আৰু ৰেচন কার্ড প্রদানৰ প্ৰক্ৰিয়া বিভাগসমূহৰ দ্বাৰা এশ শতাংশ ৰূপায়ণ তথা অগ্রগতি সন্দৰ্ভত পাৱাৰ পইণ্টৰ জৰিয়তে বিতংভাৱে মুখ্যমন্ত্রী ড° শর্মাই বুজ লয়। উল্লেখ্য যে ইয়াৰ পূৰ্বে বিগত দুটা দিনত মুখ্যমন্ত্রী ড° শৰ্মাই তামুলপুৰ আৰু ওদালগুৰি জিলা ভ্রমণ কৰি জিলা দুখনৰ চৰকাৰী আঁচনিসমূহৰ ৰূপায়নণ অগ্ৰগতিৰ পৰ্যালোচনা কৰিছিল। এই বৈঠকত অৰুণোদয়-৩.০ ৰূপায়ণ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। বাক্সা জিলাৰ অন্তৰ্গত বাক্সা আৰু মানাস বিধানসভা সমষ্টি দুটাত অৰুণোদয় আঁচনিয়ে পূর্বতে ৪৬,৯৯৮ গৰাকী হিতাধিকাৰীক সামৰি লৈছিল। অৰুণোদয়-৩.০ত জিলাখনত এনে হিতাধিকাৰীৰ সংখ্যা ৫৯ হাজাৰলৈ বৃদ্ধি পাব। বৈঠকত আঁচনিখনৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লৈ নিৰ্ধাৰিত সময়সূচী অনুসৰি সম্পূৰ্ণ কৰাৰ বাবে মুখ্যমন্ত্রী ড° শৰ্মাই সংশ্লিষ্ট বিভাগক নির্দেশ দিয়ে। তেওঁ কয় যে জনসাধাৰণক অৰুণোদয়-৩.০ৰ সুবিধা অহা ছেপ্টেম্বৰ মাহৰ পৰা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পনা গ্রহণ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিততে তেওঁ হিতাধিকাৰীৰ চূড়ান্ত তালিকা জুলাই মাহৰ ভিতৰতে আপলোড কৰিবলৈ জিলা প্রশাসনক নির্দেশ প্রদান কৰে। আনহাতে, এই বৈঠকতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ বাবে জিলাখনত লাভ কৰা আবেদন আৰু ইয়াৰ ভিত্তিত কিমান সংখ্যকক বাছনি কৰা হৈছে তাৰ খতিয়ানো তেওঁ লয়। তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত জিলাখনত এই বছৰ ১,২০০ গৰাকী যুৱক-যুৱতীক দুই লাখ টকাকৈ ৰাজ্য চৰকাৰে আৰ্থিক সহযোগিতা আগবঢ়াব। বাক্সা জিলাত ৪০০ যুৱক-যুৱতীয়ে ইতিমধ্যে এক লাখ টকাকৈ লাভ কৰিছে। আনহাতে, ইয়াৰে ৬০গৰাকীয়ে মুদ্রা লোন লাভ কৰিবলৈ সক্ষম হৈছে। যিসকল যুৱক-যুৱতীয়ে ইতিমধ্যে এক লাখ টকাকৈ লাভ কৰিছে তেওঁলোকক শেষৰ কিস্তি হিচাপে পৰৱৰ্তী এক লাখ টকা প্ৰদান কৰা হ’ব বুলি তেওঁ সদৰী কৰে। তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰৰ এই আঁচনিখন তেতিয়াহে সফল হ’ব, যেতিয়া বাছনিকৃত যুৱক-যুৱতীসকলে বেংক সংযোগ লাভ কৰিবলৈ সমর্থ হয়। মুখ্যমন্ত্রীয়ে বাক্সা জিলাত এনে উদ্যমী যুৱক-যুৱতীসকলৰ বেংক সংযোগ বৃদ্ধিত গুৰুত্ব আৰোপ কৰে আৰু এই দিশত বিশেষ দৃষ্টি দিবলৈও জিলা আয়ুক্তক নির্দেশ দিয়ে। এই বৈঠকত এটি কলি দুটি পাত আঁচনিখন ৰূপায়ণ সন্দর্ভত পর্যালোচনা কৰা হয়। বাক্সা জিলাত ফাতেমাবাদ চাহ বাগিচা আৰু ডুমুনী চাহ বাগিচা নামেৰে দুখন চাহ বাগিচা আছে। ইয়াত মুঠ কৰ্মৰত শ্ৰমিকৰ সংখ্যা হৈছে ৩,৭০০ গৰাকী। মুখ্যমন্ত্রী ড° শৰ্মাই আঁচনিখন ৰূপায়ণৰ অৰ্থে আধাৰ কার্ড থকা শ্ৰমিকৰ সংখ্যা, প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়া, ডাটা আপলোড আদি কামৰ অগ্ৰগতিৰ খতিয়ান লয়। আনহাতে, বৈঠকত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অগ্রগতিৰো তেওঁ পর্যালোচনা কৰে। জিলাখনত ইতিমধ্যে এই আঁচনিৰ তৃতীয় পৰ্যায়ৰ পুনৰীক্ষণৰ কাম আৰম্ভ হৈ গৈছে। অৱশিষ্ট কামসমূহ জুলাই মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে তেওঁ নির্দেশ দিয়ে। বৈঠকত অধিকসংখ্যক জনসাধাৰণ উপকৃত হ’ব পৰাকৈ ৰেচন কার্ড প্ৰদানৰ বিষয়টোও আলোচনা কৰা হয়। বাক্সা জিলাত বর্তমান ১,২৯,৮৬০ গৰাকীয়ে ৰেচন কাৰ্ডৰ সুবিধা লাভকৰি আছে। বৈঠকত মুখ্যমন্ত্রী ড° শর্মাই কয় যে মানাস আৰু বাক্সা সমষ্টিত নতুনকৈ ৪ হাজাৰকৈ লোকক ৰেচন কার্ড প্ৰদান কৰা হ’ব। জিলাখনৰ সকলো যোগ্য ব্যক্তিয়ে যাতে চৰকাৰৰ আঁচনিসমূহৰ সুবিধা লাভকৰে সেয়া সুনিশ্চিত কৰিবলৈ তেওঁ জিলা প্ৰশাসনক নির্দেশ প্রদান কৰে। এই বৈঠকত পঞ্চায়ত আৰু গ্রামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, হস্ততাঁত আৰু বস্ত্রশিল্প আদি বিভাগৰ মন্ত্ৰী ইউ জি ব্রহ্ম, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী তথা বাক্সা জিলাৰ অভিভাৱক মন্ত্রী জয়ন্ত মল্ল বৰুৱা, বিধায়ক ফণীধৰ তালুকদাৰ, ভূপেন বড়ো, বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো, বিটিচিৰ কেইবাগৰাকী এমচিএলএ প্ৰমুখ্যে বিটিচিৰ প্রধান সচিব আকাশ দীপ, জিলা আয়ুক্ত গৌতম দাসৰ উপৰি বিভাগীয় মুৰব্বীসকল উপস্থিত থাকে। ইফালে বাক্সা জিলাত উপস্থিত থকাৰ সময়ত আৱৰ্ত ভৱনৰ চৌহদত কেই বাটাও দল-সংগঠন তথা ব্যক্তিৰ সৈতেও মুখ্যমন্ত্রী ড° শর্মাই বার্তালাপত মিলিত হয়। তেওঁ বিভিন্ন বিষয়ত তেওঁলোকৰ বক্তব্য, সমস্যা আদিৰ বুজ লয়। মুখ্যমন্ত্রী ড° শৰ্মাই বাক্সা জিলা আয়ুক্তৰ কার্যালয় চৌহদত বকুল গছৰ এটা পুলিও ৰোপণ আঁচনি কৰে।