ৰাজ্য চৰকাৰে চলিত বৰ্ষত পাঁচখনকৈ চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰিবঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

pc. facebook

ৰাজ্য চৰকাৰে চলিত বৰ্ষত পাঁচখনকৈ চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰিবঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা-  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে ৰাজ্য চৰকাৰে চলিত বৰ্ষত তামুলপুৰ, মৰিগাঁও, ধেমাজি, গোলাঘাট আৰু বঙাইগাঁৱত চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হ’ব বুলি কয়।কালাপাহাৰ চৌহদ আৰু গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় চৌহদত মহানগৰীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্যৰ ভূমিপূজন সম্পন্ন কৰি এই কথা ঘোষণা কৰাৰ লগতে মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে অহা বৰ্ষত শিৱসাগৰ আৰু কৰিমগঞ্জত আন দুখন চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণকার্য আৰম্ভ কৰা হ’ব। এই উপলক্ষে কালাপাহাৰত প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰীয়ে কয়— যোৱা দুটা বছৰত স্বাস্থ্য বিভাগে ৰাজ্যবাসীৰ পৰা যথেষ্ট মৰম বুটলিবলৈ সক্ষম হৈছে। ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়নৰ লগে লগে আন বহু উন্নয়ন এতিয়া সম্ভব হ’ব। চিকিৎসা মহাবিদ্যালয় নির্মাণৰ লগে লগে ৰাজ্যত ১৭খনকৈ কেঞ্চাৰ চিকিৎসালয় নিৰ্মাণৰ কামো ইতিমধ্যে হাতত লোৱা হৈছে। এই উদ্দেশ্যে অহা এপ্রিল মাহত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত এই ১৭খন হাস্পতালৰ ৭খন হাস্পতাল একেদিনাই উন্মোচন কৰা হ’ব।ৰাজ্যত এখন কেঞ্চাৰ হাস্পতালৰ নিৰ্মাণ পূৰ্বে যি অসম্ভৱ আছিল, সেয়া এতিয়া সহজসাধ্য হৈ পৰিছে। বি বৰুৱা কেঞ্চাৰ হাস্পতালৰ সমকক্ষ হিচাপে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালতো নির্মাণ হৈ উঠিছে আনখন কেঞ্চাৰ চিকিৎসালয়। এই চিকিৎসালয়খনৰ লগতে আন ১৭খন কেঞ্চাৰ চিকিৎসালয় নিৰ্মাণৰ কাম চলি আছে আৰু ইয়াৰে ৭খন চিকিৎসালয় এপ্ৰিল মাহৰ পৰা আৰম্ভ কৰাৰ বাবে প্রস্তুতি চলি আছে। উল্লেখ্য যে কালাপাহাৰ চৌহদত নিৰ্মাণ হ’বলগীয়া চিকিৎসা মহাবিদ্যালয়খনৰ শৈক্ষিক আৰু প্ৰশাসনিক ভৱন থকাৰ লগতে চিকিৎসালয়খনত মুঠ বিছনাৰ সংখ্যা হ’ব ৪৮০খন। আনহাতে, ৪৬খন আইচিইউ বিছনা আৰু সাতটা অত্যাধুনিক অস্ত্ৰোপচাৰ কক্ষ সন্নিৱিষ্ট হ’ব চিকিৎসালয়খনত।চিকিৎসালয় মহাবিদ্যালয়খনত মেডিচিন, শল্য চিকিৎসা আৰু অন্যান্য বিভাগত চিকিৎসাৰ সুবিধাৰ সমান্তৰালকৈ পেথ’লোজীৰ বাবে পৰীক্ষাগাৰসহ অত্যাধুনিক ৰোগ নিৰ্ণয়ৰ সুবিধা উপলব্ধ হ’ব। তদুপৰি ১১টা অত্যাধুনিক অস্ত্ৰোপচাৰ কক্ষ আৰু ২০খন বিছনাৰ সৈতে এটা ডায়েলাছিছ ইউনিট এটাও থাকিব। এই চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ প্ৰকল্পত ব্যয় হ’ব ৯৯৮.৩০ কোটি টকা। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দুয়োটা চৌহদৰ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্যৰ পূৰ্বে ভূমিপূজন সম্পন্ন কৰে। এই উপলক্ষে তেওঁ ভাষণ প্রদান কৰি কয় যে এই প্ৰকল্পটোৰ কাম আৰম্ভ কৰাৰ বাবে সকলো প্রস্তুতি সম্পূর্ণ হৈছে যদিও গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল হোৱা এক গোচৰৰ বাবে প্ৰকল্পটোৰ কাম ছমাহ বিলম্ব হ’বলগীয়া হ’ল। কিন্তু শুদ্ধ নিবিদা প্ৰক্ৰিয়াৰ মাজেৰে এই প্ৰকল্পটোৰ কামৰ দায়িত্ব এলএনটি প্রতিষ্ঠানক অৰ্পণ কৰা হৈছে। প্ৰকল্পটো ৩ বছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰো লক্ষ্য বান্ধি লোৱা হৈছে। সকলো দিকে ঠাকে থাকিলে ২০২৫ চনত গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় হাস্পতাল মুকলি হ’ব আৰু চিকিৎসালয়খনৰ নাম প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় হিচাপে নামাকৰণ কৰা হ’ব বুলি ঘোষণা কৰে।