ৰাজ্য কেবিনেটৰ সিদ্ধান্তক ভেকোভাওনা আখ্যায়িত কৰি জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া
বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদন ৰূপায়নৰ এক্তিয়াৰ নাই ৰাজ্য চৰকাৰৰ
গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা- ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদন ৰূপায়নৰ কৰ্তৃত্ব নাই ৰাজ্য চৰকাৰৰ৷ অসম চুক্তি ৰূপায়নৰ নডেল এজেন্সি হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়৷ অসম চুক্তি সম্পৰ্কীয় যিকোনো সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে লব লাগিব৷ সেই সূত্ৰে বিপ্লৱ শৰ্মা কমিটী ৰূপায়নৰ সিদ্ধান্ত ৰাজ্য চৰকাৰে লব নোৱাৰে৷ – এই বক্তব্য অসম জাতীয় পৰিষদৰ৷দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই আজি এক প্ৰেছ বিজ্ঞপ্তিত কয় যে অসম চুক্তিৰ ১৩নং দফাত স্পষ্টভাৱে কোৱা হৈছে যে অসম চুক্তি ৰূপায়নৰ নডেল এজেন্সি হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়৷ উক্ত ক্ষমতাৰ প্ৰয়োগেৰে গৃহ মন্ত্ৰ্যালয়ে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বাধীন উচ্চ ক্ষমতাসম্পন্ন কমিটীখন গঠন কৰি দিছিল৷ গতিকে গৃহ মন্ত্ৰ্যালয়ে কমিটীৰ প্ৰতিবেদন গ্ৰহণ কৰি চহী কৰাৰ পিছতহে প্ৰতিবেদনখনে সাংবিধানিক মৰ্যাদা লাভ কৰিব৷ যিহেতু কেন্দ্ৰীয় চৰকাৰে প্ৰতিবেদনখন গ্ৰহণ কৰাই নাই, এনে অৱস্থাত কমিটীৰ প্ৰতিবেদনখনৰ কোনে ন্যায্যতাই৷ সেই সূত্ৰে আনুষ্ঠানিক ন্যায্যতা নোপোৱা প্ৰতিবেদনখন ৰূপায়ন কৰিম বুলি ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰো কোনো মূল্য নাই ৷ উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে যোৱা বুধবাৰে লখিমপুৰত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদন ৰূপায়নৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ এই সন্দৰ্ভত মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে কমিটীখনে দিয়া ৬৭টা পৰামৰ্শৰ ৫৭টা ৰাজ্য চৰকাৰে ৰূপায়ন কৰিব৷ বাকী ১০টা পৰামৰ্শ ৰূপায়ন কৰিবলৈ ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাব৷আজি জাতীয় পৰিষদৰ নেতাদ্বয়ে মুখ্যমন্ত্ৰী তথা ৰাজ্য কেবিনেটৰ সিদ্ধান্তক কেৱল এটা চমক সৃষ্টিৰ প্ৰয়াস বুলি মত প্ৰকাশ কৰি কয় যে ৰাজ্য চৰকাৰৰ এক্তিয়াৰ নথকা বিষয় এটা সমাধা কৰিব বুলি ৰাজ্য চৰকাৰে ঘোষণা কৰাটো অবাস্তৱ৷ কেন্দ্ৰীয় চৰকাৰে প্ৰতিবেদনখন গ্ৰহণ কৰি ৰাজ্য চৰকাৰক দায়িত্ব দিয়া হ’লে কথা বেলেগ আছিল৷ কিন্তু প্ৰকৃততে কেন্দ্ৰীয় চৰকাৰে প্ৰতিবেদনখন গ্ৰহণেই কৰা নাই৷ অসম বিধানসভাৰ শেহতীয়া শৰৎকালীন অধিৱেশত ৰাজ্য চৰকাৰে সদনক স্পষ্টকৈ জনাইছে যে কেন্দ্ৰীয় চৰকাৰে ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদন গ্ৰহণেই কৰা নাই৷ গতিকে প্ৰতিবেদনখনে সাংবিধানিক বৈধতা লাভ কৰা নাই৷ গগৈ আৰু ভূঞাই কয়, “ন্যায়াধীশ বিপ্লব শৰ্মা কমিটীৰ প্ৰতিবেদনৰ সাৰ কথাটো হ’ল অসমীয়াৰ সংজ্ঞা। প্ৰতিবেদন ৰূপায়নৰ সিদ্ধান্ত লোৱা মানে তাত কমিটীয়ে দিয়া ‘অসমীয়াৰ সংজ্ঞা’টো মানি লোৱা। কমিটীয়ে দিয়া ‘অসমীয়াৰ সংজ্ঞা’টো আছিল, অসমৰ মূল অধিবাসীসকল, জনজাতিসকল তথা ১৯৫১ চনৰ NRCত যিসকলৰ নাম আছে, সেইসকলৰ উত্তৰাধিকাৰীসকল অসমীয়া৷ এতিয়া প্ৰশ্ন হ’ল, যদি বিজেপিৰ চৰকাৰে প্ৰতিবেদন গ্ৰহণ কৰিছে, তেতিয়াহ’লে তেওঁলোকে বিপ্লৱ শৰ্মাই দিয়া ‘অসমীয়াৰ সংজ্ঞা’ মানি লৈছেl (কাৰণ বিপ্লৱ শৰ্মা কমিটীয়ে অসম চুক্তিৰ আধাৰত বিদেশী চিনাক্তকৰণৰ ভিত্তি বৰ্ষ ১৯৭১ বুলি ধাৰ্য্য কৰিছে৷) যদি মানি লৈছে, তেতিয়াহ’লে CAAত কোৱা বিদেশী চিনাক্তকৰণৰ ভিত্তি বৰ্ষ ২০১৪ চন বাতিল হ’ব। এই কথাটো মুখ্যমন্ত্ৰী বা বিজেপি দলে স্পষ্ট কৰা উচিত৷”আনহাতে, বিপ্লৱ শৰ্মা কমিটীৰ পৰামৰ্শাৱলী খণ্ড-বখণ্ড কৰাটোও গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই কয় যে প্ৰতিবেদনৰ পৰামৰ্শাৱলী এটা সংযুক্ত বিষয়৷ তাৰ এটা অংশ ৰূপায়নৰ কথা কোৱাটো আৰু আন এটা অংশ অন্যলৈ ঠেলি দিয়াটোৱেও প্ৰতিবেদনখনক দুৰ্বল কৰিব৷৷