ৰাজ্যৰ ৮ লাখ বিঘা চৰকাৰী-বনভূমি বেদখলকাৰীৰ কবলত আছেঃ মুখ্যমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলা উচ্ছেদক কেন্দ্র কৰি সৃষ্টি হোৱা ৰাজনৈতিক বিতৰ্ক তথা বিৰোধীয়ে ৰাজ্য চৰকাৰক অমানবীয়ভাৱে তথা ভাৰতীয় নাগৰিকক উচ্ছেদ কৰা বুলি কৰি অহা সমালোচনাৰ প্ৰত্যুত্তৰ দিয়াৰ লগতে উচ্ছেদক লৈ বিস্ফোৰক তথ্য দাঙি ধৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। মঙলদৈত দৰং মেডিকেল কলেজৰ প্ৰস্তাৱিত স্থান নিৰীক্ষণৰ অন্তত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° শৰ্মাই কয়- খিলঞ্জীয়া অসমীয়াক সংখ্যালঘু কৰাৰ একাংশই চক্রান্তত নামিছে, এয়া এক ডাঙৰ চক্রান্ত। এই বিস্ফোৰক অভিযোগেৰে মুখ্যমন্ত্রী ড° শৰ্মাই শেহতীয়া উচ্ছেদৰ সময়ত পোহৰলৈ অহা কেইবাটাও তথ্য দাঙি ধৰি কয় যে অসমীয়া মানুহক সংখ্যালঘু কৰিবৰ বাবে ৰাজ্যৰ চৰকাৰৰ হাতত থকা তথ্য মতে ৮ লাখ বিঘা চৰকাৰী ভূমি বিভিন্ন পর্যায়ত বেদখলত আছে। বনাঞ্চলৰ মাটিও এই ৮ লাখ বিঘা ভূমিৰ ভিতৰতে আছে। আমি উচ্ছেদ অভিযান কিবা তৃপ্তি লাভৰ বাবে নকৰোঁ, কাৰোবাক উচ্ছেদ কৰি ভাল লগাৰ বাবে এই কাম আমি নকৰোঁ। কিন্তু সমস্যাটো হ’ল উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ কাঢ়া নির্দেশ আছে যে বনাঞ্চলৰ ভূমিত কোনো ধৰণৰ বেদখল হ’ব নালাগে, ভিজিআৰ-পিজিআৰত কোনো ধৰণৰ বেদখল হ’ব নালাগে। যেতিয়া উচ্ছেদ অভিযান আৰম্ভ কৰা হৈছে তেতিয়া তাত এটা নতুন তথ্য পোহৰলৈ আহিছে। গোৱালপাৰাত যি ঠাইত উচ্ছেদ হৈছে, এই উচ্ছেদিতসকলৰ আধা সংখ্যকতকৈও অধিক লোক বৰপেটা আৰু বঙাইগাঁও জিলাৰ পৰা অহা। প্রশ্ন হ’ল যদি তেওঁলোক ভূমিহীন, তেন্তে নিজৰ জিলাত ভূমি বিচাৰিব লাগে। শেহতীয়াকৈ লখিমপুৰতো উচ্ছেদ চলিছিল। দেখা গৈছে যে দক্ষিণ শালমাৰা-শ্রীভূমিৰ পৰা বহু লোক লখিমপুৰত বহিছিল। ঠিক তেনেদৰে গৰুখুঁটিত উচ্ছেদৰ সময়তো দেখা পোৱা গৈছিল যে উচ্ছেদৰ পিছত বহু লোক ছয়গাঁও-বকোলৈ গুছি গৈছিল। ইয়াৰ দ্বাৰা স্পষ্ট হয় এই লোকসকল বেলেগ বেলেগ জিলাৰ পৰা অহা। মুখ্যমন্ত্রীয়ে কয় এই লোকসকল বেলেগ বেলেগ জিলাৰ পৰা কিয় আহে আৰু সংখ্যাগৰিষ্ঠ মানুহৰ সমষ্টিসমূহলৈহে আহে। ইয়াৰ ওপৰত নিশ্চিতভাৱে এক অধ্যয়ন হ’ব লাগে যে এই মানুহবোৰ দৰিদ্ৰতাৰ বাবে আহে নে কোনোবাই ভোটৰ স্বাৰ্থত আমাৰ সংখ্যাগৰিষ্ঠ মানুহ থকা সমষ্টিসমূহত অসমীয়া মানুহক সংখ্যালঘিষ্ঠ কৰাৰ বাবে তেওঁলোকক ইয়ালৈ লৈ আহে। মই ভাবোঁ যে ইয়াৰ ওপৰত এক গৱেষণা হ’ব লাগে। মুখ্যমন্ত্রী ড° শৰ্মাই পুনৰ কয় যে দৰং জিলাৰ যিখিনি ভূমিহীন লোক তেওঁলোকে গৰুখুঁটিলৈ আহে যদি তাত ক’বলৈ একো নাথাকে। একেদৰে গোৱালপাৰাৰ দুখীয়া লোক যদি পাইকানত বহে, দৰিদ্ৰতাৰ কাৰণে আহিছে বুলি ধৰি ল’ম। কিন্তু দক্ষিণ শালমৰা, মানকাচৰ, বৰপেটা, শ্রীভূমি এই জিলাবিলাকৰ পৰা উজনি আৰু উত্তৰ অসমলৈ কিয় মানুহবোৰ আহিছে। আজি গোলাঘাটৰ সৰুপথাৰ সমষ্টিত দেখি আচৰিত হ’বলগা বিষয়টো হ’ল যে নগাঁৱৰ ধিং, ৰূপহীৰ পৰা বহু লোক উৰিয়ামঘাটলৈ গৈছে আৰু সমষ্টিটোৰ জনগাঁথনিত সামঞ্জস্য ভাঙি দিছে। গতিকে এয়া ষড়যন্ত্র নে দৰিদ্ৰতাৰ বাবে এই লোকসকল তালৈ গৈছে, নে ইয়াৰ আঁৰত কোনো ৰাজনীতি কৰা মানুহ আছে এই কথাবোৰ তদন্ত কৰিব লাগে আৰু এই বিষয়বোৰ দূৰলৈ গৈ আমি চাব লাগে। নদীভঙা লোক বুলি কৈ একাংশই চলোৱা বেদখল সন্দর্ভতো মুখ্যমন্ত্রী ড° শর্মাই স্পষ্ট কৰে যে নদীভঙা লোক হয় যদি তেওঁলোকে যি জিলাত নদীয়ে ভাঙিছে সেই জিলাত চৰকাৰী ভূমি বিচাৰিব লাগে, লখিমপুৰ কিয় যাব লাগে? নদীভঙা লোকসকলে যদি ভূমিহীন বুলি জিলা উপায়ুক্তক আবেদন দিয়ে তেন্তে তেওঁলোকক চৰত বহুৱাই দিব পাৰি। চৰত হাজাৰ হাজাৰ বিঘা মাটি মাতব্বৰে লৈ আছে। কোনোবা যদি ভূমিহীন লোক আছে আৰু তেওঁ যদি প্ৰমাণ কৰে যে জিলাখনত তেওঁ ১৯৭১ চনৰ আগৰে পৰা আছে তেন্তে চৰকাৰে তেওঁক চৰতে মাটি দি দিব। আমাৰ সমস্যাটো হ’ল ২০০-৩০০ কিলোমিটাৰ আগবাঢ়ি হিন্দু বা অসমীয়া মুছলমান থকা সমষ্টিবিলাকত তেওঁলোক সোমাই যায়। ইয়াৰ ফলত আমাৰ লোকসকলো নিৰাপত্তাহীনতাত ভুগিবলৈ আৰম্ভ কৰে। সেইকাৰণে মই ভাবোঁ যে বিষয়টো অকল উচ্ছেদ নহয়, উচ্ছেদৰ লগত আমাক সংখ্যালঘিষ্ঠ কৰিব বিচৰা এটা নিশ্চিতভাৱে ষড়যন্ত্রও লুকাই আছে। মিছন বসুন্ধৰা-৩ শেষ হৈ যোৱাৰ পাছত ৰাজ্যত ভূমিহীন খিলঞ্জীয়া লোক নাথাকিব বুলি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্রী ড° শৰ্মাই।