ৰাজ্যৰ ৫ সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ
ৰঙিলী বাৰ্ত্তাসেৱা- আজি ৰাজ্যৰ ৫ সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ। কটকটীয়া নিৰাপত্তাৰ মাজেৰে পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া । চামগুৰি, বিহালী, বঙাইগাঁও, চিদলীত আৰু ধলাইত ভোটগ্ৰহণ। ৩৪গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৯ লাখ ১০ হাজাৰ ৬৬৫ গৰাকী ভোটাৰে। ৫ সমষ্টিত মুঠ ভোটকেন্দ্ৰ এহাজাৰ ৭৮টা। ৫ সমষ্টিত বিশেষভাৱে সক্ষম ভোটাৰ ৪ হাজাৰ ১৯৭ গৰাকী। ৮০ বছৰৰ উৰ্ধৰ ভোটাৰ ৩ হাজাৰ ৭৮৮ গৰাকী। দিনৰ ১১বজালৈকে ৮৮নং চামগুৰিত ভোটদানৰ হাৰ হৈছে- ৩১.৬৫শতাংশ ,৭৭নং বিহালী সমষ্টিত ভোটদানৰ হাৰ হৈছে- ৩০.৪০শতাংশ , ৩১নং চিদলী সমষ্টিত ভোটদানৰ হাৰ হৈছে- ৩২.২০শতাংশ ,৩২নং বঙাইগাঁও সমষ্টিত ভোটদানৰ হাৰ- ৩২.৯০শতাংশ, ১১নং ধলাই সমষ্টিত ভোটদানৰ হাৰ হৈছে – ২৪.৬৫শতাংশ। উল্লেখ্য যে ঢলাই বিধানসভা সমষ্টিৰ পৰিমল শুক্লবৈদ্য, বিহালীৰ ৰঞ্জিত দত্ত, চামগুৰিৰ ৰকিবুল হুছেইন, বঙাইগাঁৱৰ ফণীভূষণ চৌধুৰী আৰু চিদলী সমষ্টিৰ জয়ন্ত বসুমতাৰী সাংসদ হিচাপে নিৰ্বাচিত হোৱাত এই সমষ্টি কেইটাত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন । পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়া আবেলি ৫ বজালৈ চলিব ।