ৰাজ্যৰ ৫গৰাকী সাহিত্যিকলৈ সাহিত্য অকাডেমি বঁটা

ৰাজ্যৰ ৫গৰাকী সাহিত্যিকলৈ সাহিত্য অকাডেমি বঁটা

ৰঙিলী বাৰ্ত্তাসেৱা- সাহিত্য অকাদেমিয়ে ঘোষণা কৰা ২০২৪ বৰ্ষৰ শিশু-সাহিত্য আৰু যুৱ বঁটা শিতানত ৫গৰাকী অসম সন্তানে সন্মান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷  শিশু সাহিত্য পুৰস্কাৰ শাখাত অসমীয়া ভাষা শিতানত বঁটা লাভ কৰিছে বিশিষ্ট ঔপন্যাসিক তথা তেজপুৰ নিৱাসী ৰঞ্জু হাজৰিকা আৰু বড়ো ভাষা শিতানত কোকৰাঝাৰৰ ভার্জিন জেক’ভা মীসাহাৰীয়ে। একেদৰে চলিত বৰ্ষৰ যুৱ পুৰস্কাৰ অসমীয়া ভাষা শিতানত বঁটা লাভ কৰিছে নলবাৰীৰ যুৱ সাহিত্যিক, চিকিৎসক ডাঃ নয়নজ্যোতি শর্মাই। বড়ো ভাষা শিতানত বঁটা লাভ কৰিছে খৈৰাবাৰীৰ গল্পকাৰ, লেখিকা ছেল্ফ মেড ৰাণী বড়ো আৰু বাংলা ভাষা শিতানত শিলচৰৰ কবি সুতপা চক্রৱতীয়ে। বঁটাপ্ৰাপকসকলক পৰৱৰ্তী সময়ত আয়োজিত হ’বলগীয়া বিশেষ অনুষ্ঠানত বঁটাসমূহ প্রদান কৰা হ’ব বুলি সাহিত্য অকাডেমি কর্তৃপক্ষই সদৰী কৰিছে। অসমৰ ৫ গৰাকী সাহিত্যিকে সাহিত্য অকাডেমিৰ পৰা লাভ কৰা স্বীকৃতিৰ পাছতে ৰাজ্যজুৰি আনন্দৰ ধল বৈছে। বিশেষকৈ আঢ়ৈশখন শিশু সাহিত্যকে ধৰি ৭০০ৰো অধিক গ্ৰন্থ ৰচনা কৰি চাৰিটা দশক সাহিত্য সাধনা কৰা ৰাজ্যখনৰ বিশিষ্ট সাহিত্যিক ৰঞ্জু হাজৰিকালৈ চলিত বৰ্ষৰ সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটা আগবঢ়োৱাত উৎফুল্লিত হৈ পৰিছে সাহিত্যিকগৰাকীৰ বাসস্থান তেজপুৰৰ লগতে সমগ্ৰ ৰাজ্য।২০১৯ চনত ৰচনা কৰা ‘বিপন্ন বিস্ময় খেল’ শীর্ষক শিশু উপন্যাসখনৰ বাবে সাহিত্যিকগৰাকীলৈ সাহিত্য অকাডেমিৰ চলিত বৰ্ষৰ শিশু সাহিত্য বঁটা আগবঢ়োৱা হৈছে। বড়ো ভাষাৰ শিশু কাব্যপুথি ‘বুহুমা বইনিবী’ৰ বাবে চলিত বৰ্ষৰ সাহিত্য অকাডেমি শিশু সাহিত্য পুৰস্কাৰ আগবঢ়োৱা হৈছে বড়ো ভাষাৰ বিশিষ্ট লেখিকা ভার্জিন জেক’ভা মীসাহাৰীলৈ। বিশিষ্ট লেখিকাগৰাকী এই বঁটাৰ বাবে নির্বাচিত হোৱাত কোকৰাঝাৰত আনন্দৰ বন্যা বৈছে। মুঠ ৮২টা কবিতাৰে সমৃদ্ধ উক্ত কাব্য সংকলনখন ২০১৯ চনত বড়ো সাহিত্য সভাই প্রকাশ কৰিছিল। সাহিত্য অকাডেমিৰ চলিত বৰ্ষৰ যুৱ পুৰস্কাৰ শাখাত অসমীয়া শিতানত বঁটা লাভ কৰা ডাঃ নয়নজ্যোতি শৰ্মা নলবাৰী চহৰৰ কলেজ চ’কৰ বাসিন্দা তথা অৱসৰপ্ৰাপ্ত শিক্ষক খনীন্দ্র শর্মা আৰু শিক্ষয়িত্রী ঊষাদেৱীৰ পুত্র। সম্প্রতি নলবাৰীতে আয়ুর্বেদিক চিকিৎসক হিচাপে শুশ্রূষা হাস্পতালত কৰ্মৰত হৈ থকা নয়নজ্যোতি শর্মাই ‘জাল কটা জুই’ শীর্ষক গল্প সংকলনখনৰ বাবে যুৱ বঁটাৰ বাবে নিৰ্বাচিত হৈছে। ইতিপূর্বে উক্ত গল্প সংকলনখনৰ বাবে তেওঁ মুনীন বৰকটকী বঁটাও লাভ কৰিছে। ‘ছাইখলুম’ শীর্ষক বড়ো ভাষাৰ চুটিগল্প সংকলনৰ বাবে চলিত বৰ্ষৰ সাহিত্য অকাডেমিৰ যুৱ বঁটা লাভ কৰা ছেল্ফ মেড ৰাণী বড়ো খৈৰাবাৰীৰ শিমলুবাৰী গাঁৱৰ দেহিৰাম বড়ো আৰু প্রমীলা বড়োৰ কন্যা। সম্প্ৰতি অসম বিধানসভা সচিবালয়ত অনুবাদক হিচাপে কৰ্মৰত লেখিকাগৰাকীয়ে এই বঁটা লাভ কৰাৰ বাতৰি বিয়পি পৰাৰ পাছতে খৈৰাবাৰী অঞ্চলত আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয়। ‘ডেৰাজে হলুদ ফুল, গতজন্মা’ শীর্ষক কাব্য সংকলনৰ বাবে বাংলা ভাষা শিতানত সাহিত্য অকাডেমিৰ চলিত বৰ্ষৰ যুৱ পুৰস্কাৰ লাভ কৰিছে অসমৰ শিলচৰৰ সুতপা চক্ৰৱৰ্তীয়ে। ২০২২ চনত কলকাতাৰ এটা প্রকাশন গোষ্ঠীয়ে উক্ত গ্রন্থখন প্রকাশ কৰিছিল। অসম বিশ্ববিদ্যালয়ৰ পৰা বাংলা ভাষাত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা সুতপা চক্ৰৱৰ্তীয়ে ২০২২ চনত ডক্টৰেট ডিগ্রী লাভ কৰিছিল। উল্লেখ্য যে সাহিত্য অকাডেমিয়ে এইবাৰ মুঠ ২৩টা ভাষা শিতানত যুৱ পুৰস্কাৰ ঘোষণা কৰিছে। সংস্কৃত ভাষা শিতানত পৰৱৰ্তী সময়ত বঁটাপ্ৰাপকৰ নাম ঘোষণা কৰা হ’ব বুলি অকাডেমি কর্তৃপক্ষই বিবৃতিযোগে সদৰী কৰিছে। এইবাৰৰ যুৱ পুৰস্কাৰ শাখাৰ অসমীয়া ভাষা শিতানত জুৰী সদস্য হিচাপে আছিল ড° ৰত্নোত্তমা দাস, প্ৰণৱ কুমাৰ বৰ্মন আৰু ড° প্রাণজিৎ বৰা। একেদৰে বাংলা ভাষা শিতানত হর্ষ দত্ত, শুভ্র বন্দোপাধ্যায় আৰু স্বপ্নময় চক্ৰৱৰ্তী জুৰী হিচাপে আছিল। বড়ো ভাষা শিতানত জুৰী আছিল ড° অজিত বড়ো, ড° ইন্দিৰা বড়ো আৰু শান্তিৰাম বসুমতাৰী। অনুৰূপ ধৰণে সাহিত্য অকাডেমিৰ চলিত বৰ্ষৰ শিশু সাহিত্য বঁটা মুঠ ২৪টা ভাষা শিতানত আগবঢ়োৱা হৈছে। ইয়াৰে অসমীয়া ভাষা শিতানত জুৰী হিচাপে মণিকুন্তলা ভট্টাচার্য, অতনু ভট্টাচাৰ্য আৰু ড° মৃণাল চন্দ্র কলিতা থকাৰ লগতে বড়ো ভাষা শিতানত অঞ্জলি বসুমতাৰী (অঞ্জু), অধ্যাপক ভৈৰবী বড়ো আৰু গোবিন্দ বড়ো জুৰী সদস্য হিচাপে আছে।