ৰাজ্যৰ ৪৩০ শিক্ষাগুৰুলৈ মুখ্যমন্ত্ৰীৰ পত্ৰ

Pc The Economic Times

ৰাজ্যৰ ৪৩০ শিক্ষাগুৰুলৈ মুখ্যমন্ত্ৰীৰ পত্ৰ

ৰঙিলী বাৰ্ত্তাসেৱা- আজি পবিত্র শিক্ষক ।এই দিৱসৰ লগত সংগতি ৰাখি কৃতী শিক্ষক-শিক্ষয়িত্রীক উৎসাহ তথা সন্মানিত কৰাৰ উদ্দেশ্যেৰে অসম চৰকাৰে প্রদান কৰিব বিশেষ বঁটা। বিগত দুই দশকত শিক্ষক বঁটাৰে সন্মানিত কৃতী শিক্ষক-শিক্ষয়িত্রীক পত্ৰ প্ৰেৰণ কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। শিক্ষাগুৰুসকলক পত্রযোগে মুখ্যমন্ত্রীয়ে কৃতজ্ঞতা জনাই চৰকাৰ পৰিচালনাৰ বাবে পৰামৰ্শও বিচাৰিব। ৰাজ্যৰ ৩৫ জিলাৰ মুঠ ৪৩০ গৰাকী কৃতী শিক্ষকক এই পত্ৰ প্ৰদান কৰা হ’ব। উল্লেখ্য যে, ৰাষ্ট্ৰীয় শিক্ষক বঁটাপ্ৰাপক ৫ গৰাকী, প্রাথমিক শিক্ষক বঁটাপ্ৰাপক ২৩৪ গৰাকী আৰু মাধ্যমিক শিক্ষক বঁটাপ্রাপক ১৮৯ গৰাকী শিক্ষাগুৰুক মুখ্যমন্ত্রীয়ে এই কৃতজ্ঞতাপত্র প্ৰদান কৰিব।