ৰাজ্যৰ ৪০ লাখ অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টত সোমাব ৩,৬০০ কোটি টকা

ৰাজ্যৰ ৪০ লাখ অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টত সোমাব ৩,৬০০ কোটি টকা

ৰঙিলী বাৰ্ত্তাসেৱা- বিধানসভা নিৰ্বাচনৰ পূৰ্বে অহা ১০ মাৰ্চত অসম চৰকাৰে আন এক অভিলেখ ৰচনা কৰিবলৈ আগবাঢ়িছে। ৰাজ্য চৰকাৰে সেইদিনা দিনৰ ১০.৩০ বজাত ৰাজ্যৰ ৪০ লাখ অৰুণোদয় হিতাধিকাৰীক ৯ হাজাৰ টকাকৈ মুঠ ৩,৬০০ কোটি টকা বেংক একাউণ্টযোগেবিতৰণ কৰিব। এই কথা সদৰী কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই দেওবাৰে পুৱাৰ ভাগত ফেচবুক লাইভযোগে এই কথা সদৰী কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভযোগে কয়- অহা ১০ মাৰ্চৰ পুৱা ১০.৩০ বজাত অসমৰ ৪০ লাখ অৰুণোদয় পৰিয়াললৈ আমি ৯ হাজাৰ টকাকৈ আগবঢ়াম। এই উপলক্ষে অসমৰ প্ৰতিখন পঞ্চায়তত, কাৰ্বি আংলং আৰু ডিমা হাছাওৰ এমএচি অঞ্চলত, বিটিচিৰ ভিচিডিচি অঞ্চলত আৰু নগৰসমূহৰ ৱাৰ্ডত আমি একোখনকৈ সভাৰ আয়োজন কৰিছোঁ। পুৱা ১০.৩০ বজাত এই সভা অনুষ্ঠিত হ’ব আৰু সভা চলি থাকোঁতেই প্রতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে ৯ হাজাৰকৈ টকা লাভ কৰিব। মই সকলো অৰুণোদয় হিতাধিকাৰী পৰিয়ালক সভাত উপস্থিত থকাৰ বাবে বিনম্রতাৰে নিমন্ত্রণ-আমন্ত্রণ জনাইছোঁ। অসমত ৪০ লাখ অৰুণোদয় পৰিয়াল থকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- আমি ৯ হাজাৰ টকা তেওঁলোকলৈ সন্মান হিচাপে আগবঢ়াম আৰু তাৰ বাবে ৩,৬০০ কোটি টকা লাগিব। একেদিনাই একেলগে ৩,৬০০ কোটি টকা এনেদৰে হস্তান্তৰ কৰাটো একপ্ৰকাৰ অভিলেখত পৰিণত হ’ব। আপোনালোকৰ সাহস আৰু প্ৰেৰণাৰ বাবেই আমি এনেধৰণৰ সাহসী কাম কৰিবলৈ সক্ষম হৈছোঁ। তেওঁ আৰু কয়- পুনৰ কৈছোঁ-অহা ১০ মাৰ্চৰ পুৱা ১০.৩০ বজাত আয়োজন কৰা সভাত উপস্থিত থাকি নিজৰ ৯ হাজাৰ টকা যেন লাভ কৰে। এয়াই মোৰ বিনম্র অনুৰোধ। উল্লেখনীয় যে ৰাজ্যৰ অৰুণোদয় হিতাধিকাৰীসকলক ৰাজ্য চৰকাৰে প্রতিমাহে ১,২৫০ টকাকৈ প্ৰদান কৰে। কিন্তু নিৰ্বাচনৰ পূৰ্বে ৪ মাহৰ অৰুণোদয় আঁচনিৰ ধনৰ লগত অতিৰিক্তভাৱে দি মুঠ ৯ হাজাৰ টকাকৈ প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে।