ৰাজ্যৰ ৩৬ গৰাকী শীৰ্ষ আৰক্ষী বিষয়াক ৰদবদল
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰৰ গৃহ বিভাগে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সাল-সলনি ঘটাইছে ।ৰাজ্যৰ কেইবাগৰাকী জ্যেষ্ঠ আৰক্ষী অধীক্ষকক ৰদবদলৰ নিৰ্দেশ দিছে গৃহ বিভাগে । শুকুৰবাৰে গৃহ বিভাগে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি ৩৬গৰাকী জ্যেষ্ঠ আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াক বিভিন্ন জিলালৈ সালসলনি ঘটোৱা হৈছে। শ্রীভূমিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পার্থপ্রতিম দাসক কাছাৰ জিলালৈ বদলি কৰা হৈছে। আনহাতে ধুবুৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলেক শ্রীভূমিলৈ বদলি কৰা হৈছে। অসম চতুৰ্থ আৰক্ষী বেটেলিয়নৰ অধিনায়ক দেৱাশিস বৰাক লীনা দলেৰ ঠাইত ধুবুৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব অর্পণ কৰা হৈছে। কাছাৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মাহাত্তাক কোকৰাঝাৰ জিলালৈ বদলি কৰা হৈছে। কোকৰাঝাৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙক কাৰ্বি আংলঙলৈ বদলি কৰা হৈছে। কাৰ্বি আংলঙৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াক কামৰূপলৈ বদলি কৰা হৈছে। শিৱসাগৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শুভ্রজ্যোতি বৰাক যোৰহাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব অর্পণ কৰা হৈছে। যোৰহাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্রক কাহিলিপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বেটেলিয়নৰ অধিনায়কৰ দায়িত্ব অর্পণ কৰা হৈছে। ইফালে ডিমা হাছাও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মায়ংক কুমাৰক তিনিচুকীয়ালৈ বদলি কৰা হৈছে। বিশ্বনাথৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শুভাশিস বৰুৱাক শিৱসাগৰলৈ, অজৱাৰঙ বসুমতাৰীক বজালী জিলাৰ পৰা বিশ্বনাথ জিলালৈ আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত থকা জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তীক বজালী জিলালৈ বদলি কৰা হৈছে। আৰক্ষী সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ত কাৰ্যনিৰ্বাহ কৰি থকা এআইজি ৰিপুঞ্জয় কাকতিক ডিমা হাছাও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰূপে বদলি কৰা হৈছে। তিনিচুকীয়া জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপক ডিব্ৰুগড় জিলালৈ বদলি কৰা হৈছে। আনহাতে ডিব্ৰুগড় জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বীৰ ভেংকাট ৰাকেশ ৰেষ্ট্ৰীক হোজাই জিলালৈ বদলি কৰা হৈছে। হোজাই জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাক এআইজি হিচাপে আৰক্ষী সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ত সংযুক্ত কৰা হৈছে। মাজুলী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বিবেকানন্দ দাসক নলবাৰী জিলালৈ বদলি কৰা হৈছে। মৰিগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসক দৰং জিলালৈ বদলি কৰা হৈছে। দৰং জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক প্রকাশ সোণোৱালক মৰিগাঁও জিলালৈ, দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হবেন তকবিক মাজুলী জিলালৈ বদলি কৰা হৈছে। ইফালে গুৱাহাটীত থকা নিয়ন্ত্রণ শাখাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সিনহা ৰাম মিলিক দক্ষিণ শালমাৰা-মানকাচৰলৈ বদলি কৰা হৈছে। দেৰগাঁওস্থিত একাদশ অসম বেটেলিয়নৰ অধিনায়ক হিচাপে থকা তাবুৰাম পেগুক তামুলপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰূপে বদলি কৰা হৈছে। অঞ্জন পণ্ডিতক কোকৰাঝাৰৰ সপ্তম অসম আৰক্ষী বেটেলিয়নৰ পৰা পশ্চিম কাৰ্বি আংলং জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰূপে বদলি কৰা হৈছে। গুৱাহাটীৰ অতিৰিক্ত ডিচিপি হিচাপে কৰ্মৰত শ্যামভাবী মিশ্ৰক গুৱাহাটীৰ ডিচিপি (মধ্য) হিচাপে বদলি কৰা হৈছে। আনহাতে অমিতাভ বসুমতাৰীক গুৱাহাটীৰ ডিচিপি (পশ্চিম) হিচাপে বদলি কৰা হৈছে। নলবাৰী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুপ্রিয়া দাসক কোকৰাঝাৰস্থিত অসম আৰক্ষী বেটেলিয়নৰ অধিনায়ক হিচাপে, কামৰূপৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাক চিআইডিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে, গুৱাহাটীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক কাটলিচেৰাত থকা অসম আৰক্ষী বেটেলিয়নৰ অধীনায়ক হিচাপে, পশ্চিম কাৰ্বি আংলং জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰুৱাক গুৱাহাটীত চিআইডিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰূপে বদলি কৰা হৈছে। চিআইডিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নবীন সিঙক মুখ্যমন্ত্ৰীৰ নিৰাপত্তা বিভাগলৈ, তামুলপুৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰীক হাইলাকান্দিৰ বীৰসীমাত থকা অসম আৰক্ষী বেটেলিয়নৰ অধিনায়ক হিচাপে শদিয়াৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক গুৱাহাটীৰ ডিচিপি (সীমান্ত) হিচাপে বদলি কৰা হৈছে। আনহাতে গুৱাহাটীৰ ডিচিপি (সীমান্ত) কৰ্মৰত গৌতম বৰাক শ্রীভূমিত থকা অসম আৰক্ষী বেটেলিয়নৰ অধিনায়ক ৰূপে বদলি কৰা হৈছে।