ৰাজ্যৰ ৩৩,৬৫৬ আশাকর্মীক স্কুটী প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বৃহস্পতিবাৰে দিছপুৰৰ লোক সেৱা ভৱনত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি কেবিনেটৰ সিদ্ধান্ত সমূহ সদৰী কৰে । মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেটে ৩৩,৬৫৬গৰাকী আশাকর্মীক একোখনকৈ স্কুটী প্ৰদানৰ সিদ্ধান্ত লয়। কেবিনেটৰ সিদ্ধান্ত সলনি কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা ৩৩,৬৫৬গৰাকী আশাকর্মী আৰু ২,৫৭০ গৰাকী আশা ছুপাৰভাইজৰক একোখনকৈ স্কুটী দিয়াৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। আশাকর্মীৰ যাতায়াত সুচল কৰাৰ লক্ষ্যৰে আশা এক্সপ্ৰেছ আঁচনিৰ অধীনত প্রদান কৰা হ’ব একোখন স্কুটী। কিন্তু আশাকর্মীসকলে তেওঁলোকৰ কাম বাদ দিলে স্কুটীখন ঘূৰাই দিব লাগিব। আনহাতে কেবিনেটে ৩৯.৭০ লাখ অৰুণোদয় হিতাধিকাৰীক অহা ১০ মাৰ্চত ৯ হাজাৰ টকাকৈ প্ৰদান কৰাৰো সিদ্ধান্ত গ্রহণ কৰে। মুখ্যমন্ত্রী ড° শর্মাই এই সিদ্ধান্ত সন্দর্ভত কয়- এটা দিনত চৰকাৰৰ ৰাজকোষৰ পৰা অৰুণোদয় হিতাধিকাৰীৰ বাবে আটাইতকৈ বেছি ধন আবণ্টন হ’ব। উক্ত দিনা ৩৯.৭০ লাখ অৰুণোদয় হিতাধিকাৰীক ১০ মাৰ্চৰ পুৱা ১১ বজাত ৰাজ্য চৰকাৰে ৯ হাজাৰ টকাকৈ প্ৰদান কৰিব। যাৰ ফলত ৰাজ্য চৰকাৰৰ একেদিনাই ৩,৬০০ কোটি টকা খৰচ হ’ব। অসমৰ ইতিহাসত এটা দিনত হস্তান্তৰিত হোৱা এয়াই হ’ব আটাইতকৈ বৃহৎ পুঁজি। ৯ হাজাৰ টকাকৈ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক প্ৰদানৰ লক্ষ্যৰে প্ৰতিখন পঞ্চায়ত, পৌৰ নিগমৰ ৱাৰ্ড, ভিচিডিচি বা এমএচিত একোখনকৈ সভা অনুষ্ঠিত হ’ব আৰু সেই সভাতে এই ধন বিতৰণ কৰা হ’ব। ইয়াৰ কেন্দ্ৰীয় কাৰ্যসূচী গুৱাহাটীত জ্যোতি-বিষ্ণু কলা মন্দিৰত অনুষ্ঠিত হ’ব। কেবিনেটে ৰাজ্যৰ চাহ শ্ৰমিকসকৰ বাবেও এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়। এই সিদ্ধান্ত অনুসৰি চাহ শ্ৰমিকৰ মজুৰি ৩০ টকাকৈ বৃদ্ধি কৰা হ’ব। এই সন্দর্ভত মুখ্যমন্ত্রী ড° শৰ্মাই কয়- অসমৰ চাহ শ্ৰমিকসকলৰ মজুৰিৰ প্ৰসংগত কেবিনেট বৈঠকৰ পূৰ্বে ৰাজ্য চৰকাৰে অসম চাহ মজদুৰ সংস্থা, ভাৰতীয় চাহ মজদুৰ সংস্থাৰ লগতে অসম চাহ কৰ্মচাৰী সংস্থা, চাহ বাগিচাৰ মালিকপক্ষৰ সৈতে এক ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় চৰকাৰে চাহ শ্ৰমিকৰ বাবে ইতিমধ্যে লেবাৰ ক’ৰ্ট গঠন কৰিছে। সেইমৰ্মে অহা ছমাহৰ পিছত চাহ শ্রমিকৰ মজুৰি নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটো লেবাৰ ক’ৰ্টৰ নিৰ্দেশ অনুসৰি হ’ব। কিন্তু চাহ শ্রমিকসকলে লেবাৰ ক’ৰ্টৰ সিদ্ধান্তমর্মে চাহ শ্রমিকৰ মজুৰি চূড়ান্ত হোৱাৰ পূৰ্বে অন্তর্বর্তীকালীন মজুৰি বৃদ্ধিৰ বাবে এক আবেদন কৰিছিল ৰাজ্য চৰকাৰক। ত্রিপাক্ষিক বৈঠকত এই বিষয়ে আলোচনা কৰাৰ পিছত কেবিনেটতো ইয়াৰ ওপৰত আলোচনা হয়। সেইমৰ্মে ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ চাহ শ্ৰমিকৰ মজুৰি ৩০ টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ ফলত ব্ৰহ্মহ্মপুত্ৰ উপত্যকাত চাহ শ্ৰমিকৰ মজুৰি ২৮০ টকা হ’ব। ২০১৬ চনত বিজেপি চৰকাৰ গঠনৰ সময়ত চাহ শ্ৰমিকৰ মজুৰি আছিল ১১৬ টকা। আনহাতে ৩০ টকাকৈ মজুৰি বৃদ্ধিৰ ফলত বৰাক উপত্যকাৰ চাহ শ্ৰমিকৰ মজুৰি হ’ব ২৫৮ টকা।
