ৰাজ্যৰ ২০ আৰক্ষী বিষয়া-জোৱানলৈ ৰাষ্ট্ৰপতিৰ বিশেষ সেৱা পদক
ৰঙিলী বাৰ্ত্তাসেৱা– দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ সৰ্বমুঠ ২০ গৰাকী আৰক্ষী বিষয়ালৈ ৰাষ্ট্ৰপতিৰ বিশেষ সেৱা পদক আগবঢ়োৱা হৈছে। পূৰ্বৰ দৰেই গণৰাজ্য দিৱসৰ প্ৰাক্ক্ষণত আৰক্ষী, অগ্নিনির্বাপক বাহিনী, হোমগার্ড আৰু অসামৰিক প্ৰতিৰক্ষা আৰু সংশোধনী সেৱাৰ মুঠ ২০ গৰাকী আৰক্ষী (অসমৰ)লৈ আগবঢ়োৱা হৈছে এই পদক। গণৰাজ্য দিৱস ২০২৬ উপলক্ষে সমগ্ৰ দেশৰ ৯৮২ গৰাকী আৰক্ষী, কৰ্মীক এই বিশেষ সেৱা পদক আগবঢ়োৱা হৈছে। ৰাষ্ট্ৰপতিৰ বিশেষ সেৱা পদক লাভ আই জি ইমদাদুল হুছেইন বৰাৰ। গৃহৰক্ষী বাহিনী আৰু অসামৰিক প্ৰতিৰক্ষাৰ পদক লাভ অসম আৰক্ষীৰ প্লাটুন কমাণ্ডাৰ সমীৰণ দে’ পুৰকায়স্থৰ। ইপিনে ১৪ গৰাকী আৰক্ষীয়ে লাভ কৰিছে উৎকৃষ্ট সেৱা পদক। এই ১৪ গৰাকীৰ ভিতৰত আছে আৰক্ষী অধীক্ষক (এছ পি) প্রণবজ্যোতি গোস্বামী, আৰক্ষী অধীক্ষক (এছ পি) ছাদিক আলী আহমেদ, আৰক্ষী অধীক্ষক (এছ পি) বিপুল দাস, আৰক্ষী অধীক্ষক (এছ পি) নবনীত মহন্ত, আৰক্ষী অধীক্ষক (এছ পি) সৌৰভজ্যোতি শইকীয়া, উপ আৰক্ষী অধীক্ষক অনিল মৰাণ, লেন্সনায়ক হেমধৰ বৰা, লেন্সনায়ক দিগন্ত কুমাৰ নাথ, পৰিদৰ্শক জগদীশ কলিতা, উপ-পৰিদৰ্শক পৰীক্ষিত উজিব, লেন্সনায়ক সুবেশ বড়ো, লেন্সনায়ক হবিবুৰ ৰহমান, লেন্সনায়ক প্রসাদ তালুকদাৰ আৰু উপ-পৰিদৰ্শক পবিন চন্দ্র দাস। আনহাতে, অগ্নিনির্বাপক সেৱাৰ দুগৰাকী বিষয়ালৈ আগবঢ়োৱা হৈছে যোগ্য সেৱা পদক। ভুৱন চন্দ্র মালী আৰু নন্দেশ্বৰ দাস নির্বাচিত হৈছে এই পদক লাভৰ বাবে। তদুপৰি গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষাৰ দুগৰাকী বিষয়ালৈও এই পদক আগবঢ়োৱা হৈছে। পদক লাভৰ তালিকাত আছে জলেশ্বৰ ডেকা আৰু চক্ৰধৰ বৰ্মনৰ নাম।
