ৰাজ্যৰ ১ হাজাৰ স্কুলক ৫ হাজাৰ কোটিৰে  দিব ন-ৰূপ

Pc Facebook

ৰাজ্যৰ ১ হাজাৰ স্কুলক ৫ হাজাৰ কোটিৰে  দিব ন-ৰূপ

ৰঙিলী বাৰ্ত্তাসেৱা-  নতুন ৰূপ পাব ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহে৷ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ অংশ হিচাপে চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনিৰ উন্নয়ন হ’ব৷ ৰাজ্য চৰকাৰে ৰাজ্যৰ এক হাজাৰ মাধ্যমিক বিদ্যালয় পুনৰ নিৰ্মাণৰ লক্ষ্য বান্ধি লৈছে ৷ চৰকাৰী বিদ্যালয়ৰ ৰূপান্তৰৰ বাবে ব্যয় হ’ব ৫ হাজাৰ কোটি টকা৷  গুৱাহাটীৰ পাঁচখনকৈ ঐতিহ্যমণ্ডিত চৰকাৰী বিদ্যালয় পৰিদৰ্শন কৰি এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীয়ে শিক্ষা মন্ত্ৰী ৰণোজ পেগু, শিক্ষা উপদেষ্টা ননীগোপাল মহন্তক লগত লৈ একাদিক্ৰমে ভৰলুমুখৰ সোণাৰাম উচ্ছতৰ মাধ্যমিক বিদ্যালয়, কটন কলেজিয়েট উচ্ছতৰ মাধ্যমিক বিদ্যালয়, কামৰূপ একাডেমী, টি চি উচ্ছতৰ মাধ্যমিক বিদ্যালয় আৰু গোপালবড়ো উচ্ছতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰে৷ গুৱাহাটীৰ এই পাঁচখন ঐতিহ্যমণ্ডিত বিদ্যালয় পৰিদৰ্শন কৰি নতুন ভৱন নিৰ্মাণৰ বাবে লোকনিৰ্মাণ বিভাগৰ শীৰ্ষ বিষয়া-অভিযন্তাক পৰিকল্পনা যুগুতৰ নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটী আৰু ইয়াৰ দাঁতি-কাষৰীয়া এলেকাক সামৰি ১০খন বিদ্যালয় প্ৰাৰম্ভিক অৱস্থাত পৰীক্ষামূলকভাৱে পুনৰ নিৰ্মাণ কৰা হ’ব৷ ইয়াৰ পাছত প্ৰতি বিধানসভা সমষ্টিত ৫-৬খনকৈ বিদ্যালয়ৰ পুৰণি ভৱনৰ পৰিৱৰ্তে নতুন ভৱন নিৰ্মাণ হ’ব৷ ‘আমি এহেজাৰখন উচ্ছ মাধ্যমিক বা উচ্ছতৰ মাধ্যমিক বিদ্যালয় নতুন দিনৰ বিদ্যালয়লৈ ৰূপান্তৰ কৰিব বিচাৰিছোঁ৷ আমাৰ বিদ্যালয় চৌহদসমূহত মূল ভৱনৰ উপৰি অ’ত-ত’ত নতুনকৈ ভৱন নিৰ্মাণ কৰা হৈছে৷ এতিয়া সকলো শ্ৰেণীকোঠাক সামৰি এটা স্থানত নতুন বিদ্যালয় ভৱন নিৰ্মাণ হ’ব৷ য’ত প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ শ্ৰেণীকোঠাসমূহ থাকিব৷’– এইদৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ বেচৰকাৰী খণ্ডৰ বিদ্যালয়ৰ সৈতে ফেৰ মাৰিব পৰাকৈ চৰকাৰী বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়ন, অন্যান্য সা-সুবিধা আৰু খেলপথাৰসহ পূৰ্ণ ৰূপত গঢ়ি তুলিব চৰকাৰে৷ বিদ্যালয়কেইখন পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত আৰু কয় যে অহা ৩-৪ বছৰৰ ভিতৰত অৰ্থাৎ ২০২৬ৰ আগত এহেজাৰ বিদ্যালয়ৰ আন্তঃগাঁথনি সম্পূৰ্ণ হৈ উঠিলে পৰৱত¹ পৰ্যায়ত ৰাজ্য চৰকাৰে এটা দশকৰ ভিতৰত মুঠ ৪  হাজাৰ বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্য বান্ধি ল’ব৷ যদিহে কোনো ঐতিহ্যমণ্ডিত বিদ্যালয়ৰ ১০০ বছৰ পূৰ্ণ হোৱা ভৱন আছে তেনে ভৱন সংৰক্ষণ কৰা হ’ব৷ আগন্তুক ডেৰ-দুই বছৰত ৰাজ্য চৰকাৰৰ মুখ্য কাম হ’ব বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়ন৷ ইয়াৰ বাবে চৰকাৰে ১০০ স্থপতিবিদ নিয়োগ কৰিব আৰু অন্য বিভাগৰ পৰা ১৫০ অভিযন্তা আনি লোকনিৰ্মাণ বিভাগত নিয়োগ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ প্ৰতিখন বিদ্যালয়ৰ ভৱন পুনৰ নিৰ্মাণৰ নামত ৫-৬ কোটি টকাকৈ ব্যয় কৰা হ’ব৷ পাঠদান অব্যাহত ৰাখি কেনেকৈ নতুন ভৱন নিৰ্মাণ কৰিব পৰা যায় সেই সন্দৰ্ভত শিক্ষা বিভাগে উপায় উলিয়াই ল’ব৷ ‘প্ৰথমে ভাবিছিলোঁ শতবৰ্ষ সম্পূৰ্ণ কৰা বিদ্যালয়ক ৩ কোটি টকাকৈ অনুদান দিম৷ এতিয়া সিদ্ধান্ত সলনি কৰিছোঁ৷ স্বাধীনতা দিৱসৰ ভাষণত মই ৫০০০ কোটি টকা ব্যয়ৰ কথা ঘোষণা কৰিছিলোঁ৷’– সংবাদ মাধ্যমৰ আগত এইদৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ স্থানীয় বিধায়ক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ আৱেদনৰ ভিত্তিত প্ৰথমাৱস্থাত আৰু কেইখনমান বিদ্যালয় সাঙুৰি লোৱা হ’ব পাৰে বুলিও কয় মুখ্যমন্ত্ৰীয়ে৷