ৰাজ্যৰ ১০৭ খন বিদ্যালয়ৰ স্বীকৃতি বাতিল

Pc Northeast Now (assamese)

ৰাজ্যৰ ১০৭ খন বিদ্যালয়ৰ স্বীকৃতি বাতিল

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ ১০৭ খন বিদ্যালয়ৰ স্বীকৃতি বাতিল৷ ছেবাই বাতিল কৰিলে ১০৭ খন বিদ্যালয়ৰ স্বীকৃতি ৷ জাননী অনুসৰি ৩১ মাৰ্চৰ পৰা কাৰ্যকৰী হ’ব ছেবাৰ নিৰ্দেশনা ৷ নৱম শ্ৰেণীৰ পৰা নামভৰ্তি কৰিব নোৱাৰিব ১০৭ খন বিদ্যালয়ে৷ হাইস্কুল শিক্ষান্ত পৰীক্ষা ত বেয়া প্ৰদৰ্শন কৰাৰ বাবে ছেবাই এই সিদ্ধান্ত লয়। মেট্ৰিকত শূন্যৰ পৰা ১০ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছিল ২৯৪ খন বিদ্যালয়ৰ। নিম্ন প্ৰদৰ্শন কৰা বিদ্যালয়ৰ স্বীকৃতি বাতিল কিয় কৰা নহ’ব বুলি জাননী দিছিল ছেবাই । ছেবাৰ জাননীৰ উত্তৰ দিয়া ১৮৭খন বিদ্যালয়ক অন্তিম সুযোগ দিয়ে ছেবাই। ২০২৩ৰ মেট্ৰিকৰ ফলাফল উন্নত নহ’লে ১৮৭ খন বিদ্যালয়ৰ ক্ষেত্ৰতো কঠোৰ হ’ব ছেবা। উল্লেখ্য, ছেবাৰ কাৰণ দৰ্শোৱাৰ জাননীক গুৰুত্ব নিদিয়া ১০৭ বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰে