ৰাজ্যৰ হৃদৰোগীসকললৈ সুখবৰ কঢ়িয়াই আনিছে ৰাজ্য চৰকাৰে
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ হৃদৰোগীসকললৈ সুখবৰ কঢ়িয়াই আনিছে ৰাজ্য চৰকাৰে৷ অসমৰ হৃদৰোগীৰ উৎকৃষ্ট মানৰ স্বাস্থ্য সেৱা সহজলভ্য কৰাৰ বাবে অসম চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে৷ ৰাজ্যৰ দৰিদ্ৰ লোকে এতিয়াৰ পৰা গুজৰাটত বিনামূলীয়া হৃদৰোগৰ চিকিৎসা লাভ কৰিব৷ চৰকাৰে ১০০০ দৰিদ্ৰ লোকক গুজৰাটত বিনামূলীয়া হৃদৰোগৰ চিকিৎসা প্ৰদানৰ বাবে আজি এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে৷ অসম চৰকাৰৰ স্বাস্থ্য বিভাগ আৰু গুজৰাটৰ ৰাজকোটস্থিত প্ৰশান্তি চিকিৎসা সেৱা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ [পি এম এছ আৰ এফ] মাজত আজি খানাপাৰাস্থিত অসম পদাধিকাৰী প্ৰশিক্ষণ মহাবিদ্যালয়ত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু প্ৰশান্তি চিকিৎসা সেৱা আৰু গৱেষণা ফাউণ্ডেশ্যন, ৰাজকোটৰ মাজত হোৱা এই বুজাবুজি চুক্তিৰ জৰিয়তে ৰাজ্যৰ দৰিদ্ৰ পৰিয়ালৰ ৫০০ শিশু আৰু ৫০০ প্ৰাপ্তবয়স্ক হৃদৰোগীৰ বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ’ব৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, প্ৰশান্তি চিকিৎসা সেৱা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ ন্যাসৰক্ষী মনোজ ভিমানীৰ উপস্থিতিত স্বাক্ষৰিত হয় এই চুক্তি৷ এই চুক্তিৰ ম্যাদ ২ বছৰ ধাৰ্য কৰা হৈছে যদিও ইয়াৰ পৰিসৰ পৰৱৰ্তী সময়ত বৃদ্ধি হ’ব বুলি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই সদৰী কৰে৷ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজকোট আৰু আহমেদাবাদৰ সৈতে গুৱাহাটীৰ বিমান যোগাযোগ অত্যন্ত সহজ৷ অসমত যথেষ্ট হৃদৰোগী আছে৷ চৰকাৰে ১০০০ দৰিদ্ৰ শিশু আৰু প্ৰাপ্তবয়স্ক লোকক সম্পূৰ্ণ বিনামূলীয়াকৈ গুজৰাটত চিকিৎসা আগবঢ়োৱা হ’ব৷ অসম চৰকাৰে পূৰ্ৱে নাৰায়ণা হৃদয়ালয়ৰ সৈতে কৰা চুক্তি অনুসৰি ৰাজ্যৰ প্ৰায় ৯৭০০ হৃদৰোগীৰ বিনামূলীয়া চিকিৎসা কৰা বুলিও মুখ্যমন্ত্ৰীজনে সদৰি কৰে৷