ৰাজ্যৰ স্বীকৃতিপ্রাপ্ত ৰাষ্ট্ৰীয় ৰাজ্যিক ৰাজনৈতিক দলৰ প্ৰতিনিধিৰে আলোচনা নিৰ্বাচন আয়োগৰ

ৰাজ্যৰ স্বীকৃতিপ্রাপ্ত ৰাষ্ট্ৰীয় ৰাজ্যিক ৰাজনৈতিক দলৰ প্ৰতিনিধিৰে আলোচনা নিৰ্বাচন আয়োগৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সম্পূৰ্ণৰূপে সাজু ভাৰতৰ নিৰ্বাচন আয়োগ। সোমবাৰে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ নেতৃত্বত গুৱাহাটীত উপস্থিত হয় নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল। মঙলবাৰে নিৰ্বাচন আয়োগৰ দলটোৱে হোটেল ৰেডিচন ব্লুত বৈঠকত বহিল ৰাষ্ট্ৰীয় লগতে অসমৰ পঞ্জীয়নকৃত আঞ্চলিক ৰাজনৈতিক দলসমূহৰ সৈতে।  আয়োগৰ সৈতে হোৱা আলোচনাত বিজেপিৰ মিত্ৰদল অগপয়ো বিহুৰ পূৰ্বেই নির্বাচন অনুষ্ঠিত হোৱাটো বিচাৰিছে। বিজেপি-অগপ দুয়োটা দলেই আয়োগৰ ওচৰত বিহুৰ পূৰ্বে নির্বাচন হোৱাৰ ওপৰত বক্তব্য আগবঢ়ায়। আনহাতে, এআইইউডিএফ দলে বিহুৰ পাছত অর্থাৎ ১৭-১৮ এপ্ৰিলৰ ভিতৰত নিৰ্বাচন বিচাৰি আয়োগৰ ওচৰত বক্তব্য আগবঢ়ায়। ইফালে, দেশৰ মুখ্য নির্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক সাক্ষাৎ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ এটা দলে। ৰিপুণ বৰাৰ নেতৃত্বত যোৱা এটা দলে আয়োগৰ ওচৰত কেতবোৰ অভিযোগ দাখিল কৰে। দলটোৱে আয়োগৰ ওচৰত অসমত ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ নামত সাধাৰণ মানুহক চৰকাৰীভাৱে হাৰাশাস্তি কৰা বুলি দাবী কৰাৰ লগতে আগন্তুক নির্বাচন নিৰপেক্ষ আৰু নিকা, স্বচ্ছ নির্বাচন অনুষ্ঠিত কৰিবলৈ আহ্বান জনায়। অৱশ্যে দলটোৱে নির্বাচন কেতিয়া অনুষ্ঠিত কৰিব, তাৰ ওপৰত কোনো স্পষ্ট স্থিতি সদৰী নকৰিলে। আগন্তুক অসম বিধানসভাৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দুদিনীয়া কাৰ্যসূচীৰে সোমবাৰে গুৱাহাটীত উপস্থিত হোৱা ভাৰতৰ মুখ্য নির্বাচনী আযুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত দেশৰ নিৰ্বাচন আয়োগৰ প্ৰতিনিধি দলটোৰ লগত মহানগৰীৰ ৰেডিচন ব্লু(Radisson Blue) হোটেলত ৰাজ্যখনৰ ৰাজনৈতিক দল, জিলা নির্বাচনী বিষয়া, শীৰ্য আৰক্ষী বিষয়া আদিৰ সৈতে সভা অনুষ্ঠিত হয়। পুৱাৰ ভাগত ৰাষ্ট্ৰীয় স্বীকৃতিপ্রাপ্ত ৰাজনৈতিক দল ক্রমে আম আদমী পার্টী, ভাৰতীয় জনতা পার্টী, কমিউনিষ্ট পার্টী অৱ ইণ্ডিয়া (মার্চিষ্ট) অসম, ইণ্ডিয়ান নেচনেল কংগ্রেছ (অসম প্রদেশ কংগ্ৰেছ কমিটী) আৰু ৰাজ্যিক স্বীকৃতিপ্রাপ্ত দল ক্রমে অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্রেটিক ফ্রন্ট (এআইইউডিএফ), অসম গণ পৰিষদ, বড়োলেণ্ড পিপলছ ফ্রন্ট ‘বিপিএফ’ আৰু ইউনাইটেড পিপলছ পার্টী লিবাৰেল আদিৰ প্ৰতিনিধিসকলৰ লগত পৃথকে পৃথকে সভা অনুষ্ঠিত হয়। প্রত্যেকখন আলোচনাতে আয়োগৰ লগত ৰাজ্যিক মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলো উপস্থিত থাকে। ৰাজনৈতিক দলসমূহৰ লগত হোৱা এই সভাৰ পাছতে দুপৰীয়া আৰক্ষী মহাপৰিদৰ্শক, উপ-মহাপৰিদৰ্শক, জিলা নির্বাচনী বিষয়া তথা দণ্ডধীশ আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলৰ সৈতে আয়োগৰ আন এক পর্যালোচনা সভা অনুষ্ঠিত হয়। উল্লেখ্য যে ভাৰতৰ মুখ্য নির্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত অসমত আহি উপস্থিত হোৱা নিৰ্বাচন আয়োগৰ অন্যান্য বিষয়ববীয়াসকল হৈছে নির্বাচনী আয়ুক্তদ্বয় ডাঃ এছ এছ সান্ধু আৰু ড° বিবেক যোশী, জ্যেষ্ঠ উপ-নির্বাচনী আয়ুক্তদ্বয় মনীষ গাৰ্গ আৰু ড° পৱন কুমাৰ শৰ্মা, সঞ্চালকপ্রধান আশিস গোৱেল, উপদেষ্টা এন এন বুটোলিয়া, সঞ্চালক বিদ্যাৰাণী কন্থৌজাম ইত্যাদি। অসম বিধানসভাৰ সাধাৰণ নির্বাচন ২০২৬ সন্দর্ভত বিভিন্ন বিষয়ৰ বুজ লোৱাৰ লগতে ৰাজ্যখনত স্বচ্ছ আৰু নিকা নির্বাচন নিশ্চিত কৰাৰ বাবে আয়োগৰ এই প্ৰতিনিধিৰ দলটো দুদিনীয়া কাৰ্যসূচীৰে কালি অসমলৈ আহিছে। কাইলৈ আয়োগে এনফ’র্চমেন্ট এজেীৰ ন’ডেল তথা মুৰব্বী বিষয়া, মুখ্য নির্বাচনী বিষয়া, স্টেট পুলিচ ন’ডেল অফিচাৰ, চিএপিএফ ন’ডেল বিষয়াৰ সৈতে আলোচনাত মিলিত হ’ব। ইয়াৰ লগতে ৰাজ্যৰ মুখ্য সচিব, আৰক্ষী সঞ্চলকপ্রধান আৰু অন্যান্য শীর্ষ বিষয়াসকলৰ সৈতে আলোচনা কৰিব। বিয়লিৰ ভাগত এখন সংবাদ মেল সম্বোধন কৰাৰ পাছত আয়োগৰ দলটোৰ অসম ভ্ৰমণৰ কাৰ্যসূচী অন্ত পৰিব।