ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যৰ চিকিৎসালয়সমূহক নতুন নিৰ্দেশনা প্ৰদান 

p.c. The Sentinel Assam

ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যৰ চিকিৎসালয়সমূহক নতুন নিৰ্দেশনা প্ৰদান 

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ৰাজ্যৰ চিকিৎসালয়সমূহত ইমার্জেঞ্চী চিকিৎসা প্রদানৰ ক্ষেত্ৰত ৰোগীৰ ক’ভিড ৰিপ’ৰ্ট লাভ নকৰিলেও কৰ্তব্যৰত চিকিৎসক-নাৰ্ছে চিকিৎসা প্রদান কৰিব লাগিব বুলি নিৰ্দেশনা প্ৰদান কৰিছে। সকলো জিলা উপায়ুক্ত, মেডিকেল কলেজৰ অধ্যক্ষ আৰু স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকলৈ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেলে প্ৰদান কৰা নিৰ্দেশনা অনুসৰি, যিকোনো বেমাৰৰ ইমার্জেঞ্চী চিকিৎসাৰ বাবে অহা সাধাৰণ ৰোগীৰ ক্ষেত্ৰত তাৎক্ষণিকভাৱে চিকিৎসা বিষয়া আৰু পেৰা-মেডিকেল কৰ্মচাৰীসকলে সেৱা আগবঢ়াব লাগিব। এইক্ষেত্ৰত ক’ভিড পৰীক্ষাৰ ৰিপ’ৰ্ট তেওঁলোকে বিচাৰিব নোৱাৰিব। তদুপৰি এই ৰোগীসকলৰ ক্ষেত্ৰত ক’ভিড পৰীক্ষাৰ ফলাফল অহালৈকেও চিকিৎসকসকলে চিকিৎসা প্রদান নকৰাকৈ অপেক্ষা কৰিব নোৱাৰিব। এনেধৰণৰ ৰোগীসকলৰ ক্ষেত্ৰত চিকিৎসক-নাৰ্ছসকলে পি পি ই কিট, এন-৯৫ মাস্ক আৰু গ্ল’ভছ পিন্ধি চিকিৎসা প্রদান কৰিব লাগিব।