ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি আৰু উন্নয়নমূলক কাম-কাজ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ

Pc Facebook

ৰঙিলী বাৰ্ত্তাসেৱা-  মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি ড॰ শৰ্মাই ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ লগতে উন্নয়নমূলক কাম-কাজৰ বিষয়ে অৱগত কৰে৷ প্ৰায় আধা ঘণ্টা সময় ধৰি হোৱা এই বৈঠকত ব্ৰহ্মপুত্ৰৰ দুয়োপাৰ সংযোগ কৰি কলিয়াবৰ আৰু জামুগুৰিহাটৰ মাজত নিৰ্মাণ কৰিবলগীয়া সুৰংগ পথ [টাৰ্নেল]ৰ সন্দৰ্ভতো আলোচনা কৰে৷ আনহাতে, মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত সম্প্ৰতি চলি থকা আন্তঃগাঁথনিমূলক কামসমূহৰ লগতে  চৰকাৰী আঁচনিসমূহৰ ৰূপায়ণৰ অগ্ৰগতিৰো খতিয়ান দাঙি ধৰে৷ বৈঠকৰ অন্তত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই প্ৰকাশ কৰা মতে, ৰাজ্যখন সম্প্ৰতি চলি থকা আৰু অনাগত দিনত ৰূপায়ণ হ’বলগীয়া উন্নয়নমূলক কাম-কাজসমূহে এই আলোচনাত বিশেষভাৱে স্থান লাভ কৰিছে।মুখ্যমন্ত্ৰীয়ে ২৪ নৱেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তীৰ সামৰণী অনুষ্ঠানলৈ পুনৰবাৰ প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ জনায়। এই বৈঠকৰ পূৰ্বে মুখ্যমন্ত্ৰী ড॰ শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই হেমকোষ অভিধানৰ ব্ৰেইলী সংস্কৰণ প্ৰদান কৰে৷