ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থানত পাটাছাৰকুছিৰ জ্যোতির্ময় দাস
ৰঙিলী বাৰ্ত্তাসেৱা- শুকুৰবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৯৮.৫ শতাংশ নম্বৰেৰে ৰাজ্যৰ ভিতৰতে প্রথম স্থান লাভ কৰিছে পাটাছাৰকুছিৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ মেধাবী ছাত্র জ্যোতির্ময় দাসে। তেওঁ অসমীয়াত ১০০, ইংৰাজীত ৯৬, সাধাৰণ গণিতত ১০০ সাধাৰণ বিজ্ঞানত ৯৭, সমাজ বিজ্ঞানত ৯৮, উচ্চ গণিতত ১০০ নম্বৰসহ মুঠ ৫৯১ নম্বৰ লাভ কৰিছে। তেওঁ পাটাছাৰকুছিৰ মৰ্কা নিৱাসী পাঠশালাৰ এখন ব্যক্তিগত চিকিৎসালয়ত কৰ্মৰত সতীশ চন্দ্ৰ দাস আৰু ববিতা দাসৰ পুত্ৰ। ফলাফল ঘোষণা হোৱাৰ পাছতেই তেওঁৰ ঘৰতো শুভাকাংক্ষীয়ে উপস্থিত হয়। এই ফলাফলক লৈ যথেষ্ট সুখী জ্যোতির্ময়ে কয় যে, মই এটা ভাল ফলাফল পাম বুলি আশা কৰিছিলো যদিও প্রথম স্থান লাভ কৰিম বুলি ভবা নাছিলো। মোৰ এই সফলতাৰ আৰত মোৰ আচাৰ্য-আচাৰ্যাৰ লগতে পিতৃ-মাতৃৰ অৰিহণা কম নহয়। মই স্কুল থকা দিনত নিতৌ ৫-৬ ঘণ্টা আৰু পৰীক্ষাৰ আগত দহ-বাৰ ঘণ্টা অধ্যয়ন কৰিছিলো। এক সাধাৰণ পৰিৱেশত ডাঙৰ দীঘল হোৱা জ্যোতিৰ্ময়ে দৰিদ্ৰতা তথা সীমিত সুবিধাৰ মাজতো কঠোৰ পৰিশ্ৰম আৰু অটল মনোবলে এই সফলতা লাভকৰিছে। মাত্ৰ দুটা কোঠা থকা এটি সাধাৰণ ঘৰতে বাস কৰি এখন সৰুপঢ়া টেবুল সাজি লৈ অধ্যয়নত মনোনিবেশ কৰিছিল। প্ৰায় দুই কিলোমিটাৰ দূৰৰ স্কুললৈ সদায় চাইকেল চলাই অহা-যোৱা কৰিছিল। ভৱিষ্যতে চিকিৎসক হোৱাৰ লক্ষ্য ৰাখি জ্যোতিৰ্ময়ে পাঠশালাৰ এখন বেচৰকাৰী চিকিৎসালয়ত গাণনিক হিচাপে কৰ্মৰত পিতৃৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছে। তেওঁৰ জ্যেষ্ঠ ভাতৃয়ে বর্তমান বি কম পাঠ্যক্রম অধ্যয়ন কৰি আছে। নিয়মিত পঢ়া-শুনাৰ লগতে গণিত আৰু ইংৰাজী বিষয়ত শিক্ষকসকলৰ পৰা অতিৰিক্ত সহায় লৈ আৰু ইউটিউবৰ দৰে ডিজিটেল মাধ্যম ব্যৱহাৰ কৰি তেওঁ নিজৰ ধাৰণাবোৰ অধিক স্পষ্ট কৰি তুলিছিল। তেওঁ নিজৰ সফলতাৰ বাবে অভিভাৱক আৰু শিক্ষকসকলক কৃতিত্ব প্রদান কৰি কয় যে ম’বাইল প্রযুক্তিৰ সঠিক ব্যৱহাৰে অধ্যয়ন ক্ষেত্ৰত যথেষ্ট সহায়ক হ’ব পাৰে। পঢ়াৰ বাহিৰেও তেওঁ ক্রিকেট খেল ভাল পায় আৰু ভাৰতীয় বলাৰ যশপ্রীত বুমৰাহক নিজৰ প্ৰিয় খেলুৱৈ। আনহাতে, দ্বিতীয় স্থানত বিশ্বনাথৰ অম্বিকাগিৰি ৰায় চৌধুৰী জাতীয় বিদ্যালয়ৰ আকাংক্ষা ভূঞা, যুটীয়াভাৱে তৃতীয় স্থানত উজলিল ডিব্ৰুগড়ৰ লিটল ফ্লাৱাৰ এইচ এচ স্কুলৰ জিয়া ফাৰাহ ইছলাম আৰু নলবাৰীৰ লিটল ফ্লাৱাৰ স্কুলৰ ছাত্ৰ সুৰজিত আখটাৰ।
