ৰাজ্যৰ বিশিষ্ট লেখিকা তথা অভিনেত্ৰী গীতালী বৰুৱাৰ দেহাৱসান
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰলৈ এক দুঃসংবাদ। কবি-সাহিত্যিক-অভিনেত্রী বিলাসীপাৰা গীতালী বৰুৱাৰ শেষ নিশ্বাস ত্যাগ। মৃত্যুৰ সময়ত কবিগৰাকীৰ বয়স আছিল ৬৪ বছৰ। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। চিকিৎসাধীন অৱস্থাতে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হয় গীতালী বৰুৱাৰ। উল্লেখ্য যে গুৱাহাটী দূৰদৰ্শনত ঘোষিকা হিচাপে কর্ম জীৱন আৰম্ভ কৰাৰ পাছতে কেইবাখনো অসমীয়া চলচ্চিত্রত নায়িকাৰ চৰিত্ৰত অভিনয় কৰি তেওঁ দৰ্শকৰ সমাদৰ লাভ কৰিছিল। বিলাসীপাৰাত জন্মগ্রহণ কৰা তথা অঞ্চলটোৰ সু-চিকৎসক অখিল বৰুৱাৰ সহধর্মিণী গীতালী বৰুৱাই সাহিত্য চর্চাত বিশেষ মনোনিৱেশ কৰিছিল। চিকিৎসক স্বামীৰ প্ৰেৰণাক সাৰোগত কৰি তেওঁ নিজ বাসভৱনৰ এটা কোঠাক লাইব্ৰেৰীৰ ৰূপ দিয়ে, য’ত নীৰৱে চর্চা কৰি গৈছিল অসমীয়া সাহিত্যৰ। সৃষ্টি কৰিছিল কেইবাখনো কবিতা সংকলন, গল্প সংকলন আৰু উপন্যাস। অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা গ্ৰন্থমেলাৰ প্ৰতিটো বিপণীৰ সৌষ্ঠৱ বৃদ্ধি কৰি আহিছে কবিগৰাকীৰ সৃষ্টিৰাজিয়ে। নিৰৱচ্ছিন্নভাৱে অসমীয়া সাহিত্য-সংস্কৃতিৰ সাধনাৰ বাবেই বৰুৱাক কেইবাটাও অনুষ্ঠান-প্রতিষ্ঠানে বঁটাৰে সন্মানিত কৰিছে। অসম সাহিত্য সভাই তেওঁক প্রদান কৰিছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা, অসম সাংস্কৃতিক মহোৎসৱে বৰুৱাক প্ৰদান কৰিছে জীৱনজোৰা সাধনা বঁটা। তাৰ উপৰি কল্পদ্রুম বঁটা, মাইকেল মধুসূদন বঁটা, এনাজৰী বঁটা, অসম ক্রীড়া আৰু সাংস্কৃতিক মহোৎসৱৰ জীৱনজোৰা সাধনা বঁটা, ব্যতিক্রমী জীৱনজোৰা সাধনা বঁটাৰে তেওঁ সন্মানিত হৈছে। অসম সাহিত্য সভাৰ ধুবুৰী জিলা সমিতিৰ সভানেত্ৰীৰ আসন শুৱনি কৰা কবিগৰাকীৰ মৃত্যুৰ বাতৰিয়ে ৰাজ্যখনৰ লগতে তেখেতৰ জন্মস্থান বিলাসীপাৰাত শোকৰ ছাঁ পৰে। গুৱাহাটীৰ পৰা নিজ বাসভৱনলৈ অনাৰ পথত বিভিন্ন দল-সংগঠনে কবিগৰাকীলৈ শেষ শ্রদ্ধা নিবেদন কৰে। চাপৰত প্ৰেছ ক্লাব, শাখা সাহিত্য সভা, দেশী জনগোষ্ঠী পৰিষদৰ প্ৰাক্তন সভাপতি শেখ হেদায়াতুল্লা, ধুবুৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা শিক্ষাবিদ তাৰিণীকান্ত ৰায়, ছাজিদ হুছেইন, তিলক প্রসাদ, ধীমান দাসকে ধৰি কেইবাজনো বিশিষ্ট ব্যাক্তিয়ে সাহিত্যিকগৰাকীলৈ শেষ শ্রদ্ধা নিবেদন কৰে। তেনেদৰে বিলাসীপাৰাত অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদকপ্রধান ড° উপেন্দ্ৰজিৎ শৰ্মাকে ধৰি কেন্দ্ৰীয় বিষয়ববীয়া উপস্থিত হৈ তেওঁলৈ শ্রদ্ধাঞ্জলি নিবেদন কৰে। নূকুল গ্ৰন্থাগাৰ, অৰণ্য সুৰক্ষা সমিতিৰ সচিবপ্রধান ড° হৰিচৰণ দাস, বিলাসীপাৰা জিলা নাথ যোগী যুৱ পৰিষদ, যোগী সম্মিলনী, অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদ, আছু, বিলাসীপাৰা প্ৰেছ ক্লাব, জ্যোতি সংঘ, জিলা ক্রীড়া সন্থাকে ধৰি বিভিন্ন দল-সংগঠনে বৰুৱালৈ শ্রদ্ধাঞ্জলি নিবেদন কৰে। কবিগৰাকীয়ে মৃত্যুৰ সময়ত চিকিৎসক স্বামী, একমাত্র পুত্ৰ সন্তানৰ লগতে আত্মীয়-স্বজনকে ধৰি অগণন গুণমুগ্ধক ইহসংসাৰত এৰি যায়। উল্লেখ্য যে কেইবাখনো গ্ৰন্থৰে তেওঁ অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। মৌজোল, হায়েনা, ব্রেক আপ এণ্ড কভাৰ আপ আদিৰ দৰে উপন্যাসেৰে তেওঁ পাঠকৰ মাজত সমাদৰ লাভ কৰিছিল। তদুপৰি আইৰ মাতেৰে, নেতাই ধুবুনী দেশৰ কথা, নিৰ্বাচিত কবিতা, ছৈৰ তলৰ অপ্রেম, দাহাল খুংগ্রি, বনৰ ঈশ্বৰ আদিৰ দৰে গ্ৰন্থৰেও তেওঁ সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে।