ৰাজ্যৰ প্রাক্তন মুখ্য সচিব হৰেন্দ্র নাথ দাসৰ দেহাৱসান

ৰাজ্যৰ প্রাক্তন মুখ্য সচিব হৰেন্দ্র নাথ দাসৰ দেহাৱসান

ৰঙিলী বাৰ্ত্তাসেৱা–  অসম চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব ডঃ হৰেন্দ্ৰ নাথ দাসৰ মৃত্যু। গীতানগৰৰ নিজা বাসগৃহত মৃত্যু হৰেন্দ্ৰ নাথ দাসৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ। অসম চৰকাৰৰ বহু গুৰুত্বপূৰ্ণ দায়িত্বত আছিল তেওঁ। ১৯৯০ চনৰ পৰা ১৯৯৫ চনলৈ অসম চৰকাৰৰ মুখ্য সচিব আছিল তেওঁ। অৰ্থনীতিবিদৰূপেও প্ৰসিদ্ধ আছিল ডঃ হৰেন্দ্ৰ নাথ দাস। ভাৰত চৰকাৰৰ বিত্ত বিভাগৰ সঞ্চালক পদতো আছিল ডঃ হৰেন্দ্ৰ নাথ দাস। ডঃ হৰেন্দ্ৰ নাথ দাসৰ আছিল এক উজ্জ্বল শৈক্ষিক কেৰিয়াৰ। বিশ্ববিদ্যালয়ত ইণ্টাৰমিডিয়েটত দ্বিতীয় বিভাগ লাভ, বি এ (অনাৰ্ছ)ত প্ৰথম আৰু অৰ্থনীতিত এম এত প্ৰথম শ্ৰেণী; মেট্ৰিক (ইতিহাস আৰু বিজ্ঞান)ত দুটা বিষয়ত আৰু ইণ্টাৰমিডিয়েট (ইতিহাস, নাগৰিক আৰু যুক্তি)ত তিনিটা বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰি অৰ্থনীতিৰ স্বৰ্ণ পদক আৰু প্ৰাগজ্যোতিষ মহাবিদ্যালয়, বি বৰুৱা মহাবিদ্যালয় আৰু শেষত গুৱাহাটী বিশ্ববিদ্যালয় আৰু কটন কলেজত অৰ্থনীতিৰ প্ৰবক্তা হিচাপে চমুকৈ কাৰ্যনিৰ্বাহ কৰিছিল। হৰেন্দ্ৰ নাথ দাসে ১৯৬১ চনৰ আই এ এছ পৰীক্ষাত (মুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা) উত্তীৰ্ণ হৈ ১৯৬১ চনত ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰে। ১৯৩৭ চনৰ ১ মাৰ্চত গুৱাহাটীৰ পানবজাৰত জন্মগ্ৰহণ কৰিছিল ডঃ হৰেন্দ্ৰ নাথ দাসে। ডঃ হৰেন্দ্ৰ নাথ দাসে মৃত্যুৰ সময়ত তেওঁৰ পত্নী, এজন পুত্ৰ আৰু এগৰাকী কন্যাক ইহসংসাৰত এৰি থৈ যায়।