ৰাজ্যৰ দুটা পৃথক স্থানৰ পৰা গ্ৰেপ্তাৰ হ’ল ৩ জনকৈ দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰী

ৰাজ্যৰ দুটা পৃথক স্থানৰ পৰা গ্ৰেপ্তাৰ হ’ল ৩ জনকৈ দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰী

ৰঙিল বাৰ্ত্তাসেৱা- ৰাজ্যত অব্যাহত আছে দুৰ্নীতি পৰায়ণ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে অভিযান। ৰাজ্যৰ দুটা পৃথক স্থানৰ পৰা গ্ৰেপ্তাৰ হ’ল ৩ জনকৈ দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰী। এই ৩ দুৰ্নীতিগ্ৰস্তৰ ভিতৰত আছে কাৰ্যবাহী অভিযন্তা, লাটমণ্ডল আৰু দালাল। হাফলঙৰ লোক নিৰ্মাণ বিভাগৰ কাৰ্যকৰী অভিযন্তা মনোজ কুমাৰ শইকীয়াই পেণ্ডিং বিল মুকলাই দিয়াৰ নামত বিচাৰিছিল উৎকোচ। আৰু আজি সেই উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে কাৰ্যকৰী অভিযন্তাগৰাকীক। ইয়াৰ পিছতে নলবাৰী জিলাত উৎকোচ লৈ গ্ৰেপ্তাৰ হয় লাটমণ্ডল আৰু দালাল। নলবাৰী জিলাৰ টিহু ৰাজহ চক্ৰৰ উৎকোচ দাবী কৰি গ্ৰেপ্তাৰ হয় লাটমণ্ডল দেৱাশিস বৰ্মন। নলবাৰীৰ টিহু ৰাজহ চক্ৰৰ লাট-মণ্ডল দেৱাশিস বৰ্মনে দালাল নয়ন বৰ্মনৰ জৰিয়তে লৈছিল ধন। নয়ন বৰ্মনকো গ্ৰেপ্তাৰ দুৰ্নীতি নিবাৰক শাখাই।