ৰাজ্যৰ জনমূৰি আয় ৪৫% বৃদ্ধি
ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ ভিতৰতে দ্রুতভাৱে বিকশিত হৈছে অসমৰ অৰ্থনীতি। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ অৰ্থনীতি সন্দৰ্ভত ৰিজার্ভ বেংকে দিয়া তথ্য সদৰী কৰি নৱবৰ্ষৰ প্ৰথম দিনটোত এই কথা উল্লেখ কৰে । মুখ্যমন্ত্ৰী ড° শৰ্মাৰ মন্তব্য- অসমে শক্তিশালী অর্থনৈতিক আত্মবিশ্বাস আৰু বৃহৎ উন্নয়নৰ লক্ষ্যৰে নতুন বৰ্ষত প্ৰৱেশ কৰিছে। ২০২০ চনৰ পৰা ২০২৫ চনৰ ভিতৰত অসমত ৪৫ শতাংশ বৃদ্ধিৰ হাৰ ৰেকৰ্ড হৈছে, যিটো ৰাষ্ট্ৰীয় গড় ২৯ শতাংশ বৃদ্ধিৰ তুলনাত বহু বেছি। ৫ বছৰত অসমৰ বিত্তীয় ব্যৱস্থা দেশৰ ভিতৰতে দ্রুতগতিত উন্নয়ন হোৱা ৰাজ্য হিচাপে প্রতিষ্ঠিত হৈছে। এই বিকাশ উত্তৰ-পূবৰ ভিতৰত নহয়, সমগ্ৰ দেশৰ ভিতৰতে। ২০২০-২০২৫ বৰ্ষৰ এই সময়ছোৱাত দেশৰ বিকাশৰ হাৰ আছিল ২৯ শতাংশ। কিন্তু আমাৰ ৰাজ্যখনত ২০২০ আৰু ২০২৫ৰ ভিতৰত অসমৰ অর্থনীতি ৪৫ শতাংশ হাৰত উন্নয়ন হৈছে। মুখ্যমন্ত্ৰীয়ে পুনৰ কয়- অসম এতিয়া ইনভেষ্টমেন্ট ডেস্টিনেচনত পৰিণত হৈছে। আন্দোলন বিবর্জিত পৰিৱেশৰ বাবে এই পৰিৱেশ ঘূৰি অহাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়- ছুইজাৰলেণ্ডত হ’ব লগা ৱৰ্ল্ড ইক’নমিক ফ’ৰামলৈ অসমে নিমন্ত্রণ লাভ কৰাটো ইয়াৰে এক উদাহৰণ। তেওঁ ইয়াকো উল্লেখ কৰে যে ৰাজ্যৰ এনে অর্থনীতিৰ বিকাশ প্রশাসন, আন্তঃগাঁথনি আৰু ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত অবিৰত অগ্রগতি প্রতিফলিত হৈছে। বিগত ৫ বছৰত অসমৰ জনমূৰি আয় ৫৪ শতাংশ বৃদ্ধি পাইছে। অর্থাৎ ২০২১ চনত ১,০৩,৩৭১ টকা জনমূৰি আয় আছিল। ইয়াৰ বিপৰীতে ২০২৫ চনত প্রতিজন ব্যক্তিৰ উপাৰ্জন ১,৫৯,১৮৫ টকালৈ বৃদ্ধি পাইছে। যদি এই বৃদ্ধিক আমি ৰাজ্যৰ ৰাজহলৈ সলনি কৰোঁ, তেন্তে ৰাজ্যৰ ৰাজহ বিকাশৰ হাৰ হৈছে ৫৩ শতাংশ। এই বৃদ্ধিয়ে সমগ্ৰ ৰাজ্যতে সাধাৰণ লোকৰ জীৱনৰ মান উন্নত কৰাৰ লগতে অধিক অর্থনৈতিক সুযোগ প্রদান কৰিছে। মন কৰিবলগীয়া যে শেহতীয়াকৈ ৰিজার্ভ বেংকে প্রকাশ কৰা তথ্য অনুসৰি অসমে মুঠ ঘৰুৱা উৎপাদন বিগত ৫ বছৰৰ ভিতৰত অভাৱনীয়ভাৱে উন্নয়ন ঘটোৱাৰ লগতে ৰাষ্ট্ৰীয় বৃদ্ধিৰ হাৰকো অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। কাৰ্যতঃ অসম দেশৰ ভিতৰতে দ্রুতগতিত বৃদ্ধি পোৱা অর্থনীতি হিচাপে আত্মপ্রকাশ কৰা বুলিও ৰিজার্ভ বেংকে শেহতীয়াকৈ তথ্য প্রকাশ কৰিছে। আনহাতে আজি মুখ্যমন্ত্রীয়ে বিগত বৰ্ষত ২.০৮ লাখ মেট্রিক টন ধান ক্রয়েৰে কৃষিখণ্ডতো ৰাজ্যখনে সফলতা লাভ কৰা বুলি উল্লেখ কৰি চলিত বৰ্ষতো কৃষকৰ পৰা ধান চৰকাৰে ক্ৰয় কৰিব বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে এনে উন্নয়নৰ সমান্তৰালকৈ ৰাজ্যখনত ১৪খন চিকিৎসা মহাবিদ্যালয় হাস্পতাল স্থাপন কৰা হৈছে বুলি তথ্য দাঙি ধৰাৰ লগতে অহা ফেব্ৰুৱাৰী মাহত নিযুক্তিৰ ক্ষেত্ৰত ১.৫০ লাখ অতিক্ৰম কৰিব বুলি জানিবলৈ দিয়ে। বৰ্তমানলৈকে ৰাজ্য চৰকাৰখনে ১.৪৬ লাখ যুৱক-যুৱতীক নিযুক্তি দিছে। ইফালে বিগত ৫ বছৰত বিধানসভাত চৰকাৰখনে ৭১খন নতুন আইন প্রণয়ন কৰাৰ লগতে ১৫৬খন আইন সংশোধন কৰিছে আৰু ৩৭৩খন আইন বাতিল কৰিছে। তদুপৰি চৰকাৰে ৪০টা নতুন নীতিও গ্ৰহণ কৰিছে।
