ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ চৰকাৰে জাৰি কৰিছে বিশেষ নিৰ্দেশনা

ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ চৰকাৰে জাৰি কৰিছে বিশেষ নিৰ্দেশনা

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ চৰকাৰে জাৰি কৰিছে বিশেষ নিৰ্দেশনা। এতিয়াৰে পৰা দিছপুৰৰ অনুমতি অবিহনে কৰ্মচাৰীয়ে দ্বিতীয় বিবাহ সম্পন্ন কৰিব নোৱাৰিব।কোনো স্বামীয়ে স্ত্ৰী জীয়াই থকা অৱস্থাত দ্বিতীয় বিয়া কৰাব নোৱাৰিব। পত্নীয়েও স্বামী জীয়াই থকা অৱস্থাত দ্বিতীয় বিবাহ কৰিলে আইনৰ ৰোষত পৰিব লাগিব। চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীৰ দ্বিতীয় বিবাহ সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা উলংঘা কৰিলে কৰ্মচাৰীক বাধ্যতামূলক অৱসৰ দিয়া হ’ব। ইয়াৰ লগতে তেওঁ জৰিমনা ভৰিব লাগিব বুলি চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে।