ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানৰ দ্বায়িত্ব গ্ৰহণ কৰে জি পি সিঙে
ৰঙিলী বাৰ্ত্তাসেৱা- আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ কাৰ্যকাল অন্ত পৰে ৷ নৱ নিযুক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে দ্বায়িত্ব গ্ৰহণ কৰে৷ বিদায়ী আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ পৰা অসম আৰক্ষীৰ উলুবাৰীস্থিত মুখ্য কাৰ্যালয়ত জি পি সিঙে আবেলি ৪-৩০ বজাত দ্বায়িত্ব গ্ৰহণ কৰে৷উল্লেখযোগ্য যে, ১৯৯১ চনৰ আই পি এছ বিষয়া জি পি সিঙক অসমত কা- বিৰোধী আন্দোলন তীব্ৰতৰ হৈ থকাৰ সময়ত দিল্লীস্থিত নিয়াৰ পৰা ঘূৰাই অনা হৈছিল৷অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়াজনে ডেপুটেশ্যনত নিয়াত আছিল৷তেওঁক ঘূৰাই অনাৰ পাছত ৰাজ্যত তীব্ৰতৰ ৰূপ ধাৰণ কৰা কা-বিৰোধী আন্দোলন নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছিল৷আনহাতে ৰাজ্যৰ আইন-শৃংখলাজনিত সমস্যা তৎপৰতাৰে নিয়ন্ত্ৰণ কৰাতো দক্ষ বুলি জনাজাত জি পি সিং৷