ৰাজ্যৰ আগশাৰীৰ শিক্ষানুষ্ঠানত লজ্জাজনক ঘটনা
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠানত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা।শ্ৰেণী কোঠাৰ ভিতৰতে অশালীন কাৰ্যত লিপ্ত ছাত্ৰ-ছাত্ৰী।শিলচৰ ৰামানুজন গুপ্ত জুনিয়ৰ কলেজত সংঘটিত হৈছে এই ঘটনা।ছাত্ৰ–ছাত্ৰীৰ অশালীন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল।শ্ৰেণী কোঠাৰ ভিতৰতে অসৎ কাৰ্যত লিপ্ত আছিল ৫ গৰাকী ছাত্ৰ–ছাত্ৰী।সেই ভিডিঅ কোনোৱে গোপনে কৰি ৰাখি সামাজিক মাধ্যমত দি দিয়ে। যাৰ পাছতে ভাইৰেল হৈ পৰে সেই ঘটনা।ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে কলেজ কৰ্তৃপক্ষই কঠোৰ স্থিতি গ্ৰহণ কৰে।৭ গৰাকী ছাত্ৰ–ছাত্ৰীক কলেজৰ পৰা নিলম্বন কৰা হৈছে।