ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মাজুলীৰো বিভিন্ন প্ৰান্তৰ অনুষ্ঠিত হৈছে বিহু কৰ্মশালা

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মাজুলীৰো বিভিন্ন প্ৰান্তৰ অনুষ্ঠিত হৈছে বিহু কৰ্মশালা

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- পদুলি মুখত ৰঙালী বিহু। অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী ।  ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মাজুলীৰো বিভিন্ন ঠাইত দল সংগঠন , অনুষ্ঠান- প্ৰতিষ্ঠানে আয়োজন কৰিছে বিহু কৰ্মশালাৰ । উজনি মাজুলীৰ নৱৰতনপুৰ গাঁৱত অনুষ্ঠিত ১০ দিনীয়া বিহুনাচ আৰু বিহুনাম কৰ্মশালাৰ সফলতাৰে সামৰণি পৰিছে। অঞ্চলটোত পৰিচিত স্হানীয় সাংস্কৃতিক কৰ্মী পুৰ্ণানন্দ শইকীয়াৰ প্ৰচেষ্টাত তথা গাঁওখনৰ মহিলা সকলৰ সহযোগত প্ৰায় অৰ্ধশতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা  কৰ্মশালাখনিত লখিমপুৰৰ কেকুৰী বিহু দলৰ কেইবাজনো প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰে। ইফালে  গড়মূৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন – ২০২৫ ৰ উদযাপন সমিতিৰ উদ্যোগত , “ৰিভাৰাইন ক্লাৱ’ আৰু ‘গড়মূৰ টাউন ক্লাৱ’ৰ সহযোগত ৭ দিনীয়া বিহুনাচ আৰু ঢোলবাদন কৰ্মশালা যোৱা এক এপ্ৰিলৰ পৰা গড়মূৰৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত হৈছে । কৰ্মশালাখনিত মুখ্য প্ৰশিক্ষক হিচাপে আছে যোৰহাটৰ বাবুল বৰা , সহঃ প্ৰশিক্ষক হিচাপে আছে মেঘনা ভূঞা , চিংকী বৰুৱা , দীনা কলিতা , পাৰ্থপ্ৰতিম বৰা আৰু সমীৰণ হাজৰিকা। কৰ্মশালাখনিত প্ৰায় দুই শতাধিক প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিছে।