ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন আলোকচিত্ৰ শিল্পী নলিনী বৰুৱাৰ

ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন আলোকচিত্ৰ শিল্পী নলিনী বৰুৱাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় বিশিষ্ট আলোকচিত্ৰ শিল্পী নলিনী বৰুৱাৰ।মঙলবাৰে নিশা ৯৬ বছৰ বয়সত পৰলোক প্ৰাপ্তি ঘটা নলিনী বৰুৱাৰ বাসগৃহত অজস্র গুণমুগ্ধই উপস্থিত হৈ প্রিয় শিল্পীগৰাকীক শেষ শ্রদ্ধা জ্ঞাপন কৰে। বুধবাৰে পুৱাৰ ভাগত এখন পুষ্পসজ্জিত বাহনত গায়ন-বায়নৰ খোল-তাল পৰিৱেশনেৰে তেজপুৰ চহৰেৰে শ্ৰদ্ধাঞ্জলি যাত্ৰা কৰি নিয়াৰ পিছত নেহৰু ময়দানত তেজপুৰৰ প্ৰায় দুকুৰি সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ বিষয়ববীয়াৰ লগতে জিলা প্ৰশাসনৰ তৰফৰ পৰা নশ্বৰদেহত পুষ্পাঞ্জলি অর্পণেৰে শেষ শ্রদ্ধা জ্ঞাপন কৰে পুৰোধা শিল্পীগৰাকীক। বাণ থিয়েটাৰৰ সম্পাদক পংকজ বৰুৱাই আঁত ধৰা ৰাজহুৱা শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আৰম্ভণিতে তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই পুষ্পাঞ্জলি অর্পণেৰে শেষ শ্রদ্ধা জ্ঞাপন কৰাৰ পিছতে জিলা প্ৰশাসনৰ তৰফৰ পৰা শেষ শ্রদ্ধা জ্ঞাপন কৰে। আনহাতে ইয়াৰ পিছতে বৰেণ্য শিল্পীগৰাকীৰ নশ্বৰদেহ হজৰাপাৰ ৰাজহুৱা শ্মশানলৈ কঢ়িয়াই নিয়াৰ পিছত অসম চৰকাৰৰ তৎপৰতাত সম্পূৰ্ণ ৰাজ্যিক মর্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয়। জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গার্ড অৱ অ’নাৰ প্ৰদৰ্শন কৰি আৰক্ষীৰ বেণ্ডবাদনৰ পিছত সম্পূৰ্ণ ৰাজ্যিক মর্যাদা প্রদান কৰাৰ পিছত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ হৈ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে ফুলৰ তোৰাৰে শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থয়ো সম্পূৰ্ণ অসম আৰক্ষীৰ মর্যাদাৰে ফুলৰ তোৰাৰে শ্রদ্ধা জ্ঞাপন কৰে।