ৰাজ্যিক মর্যাদাৰে শেষকৃত্য সম্পন্ন ‘নাগাৰা সূৰ্য’ ৰামচৰণ ভড়ালীৰ

ৰাজ্যিক মর্যাদাৰে শেষকৃত্য সম্পন্ন ‘নাগাৰা সূৰ্য’ ৰামচৰণ ভড়ালীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  পঞ্চভূতত বিলীন হ’ল নাগাৰা নামৰ শিল্পী, মোহন ভাইৰা বঁটাপ্ৰাপক, ‘নাগাৰা সূৰ্য’ ৰামচৰণ ভড়ালীৰ নশ্বৰদেহ । শনিবাৰে হাজাৰ হাজাৰ গুণমুগ্ধৰ উপস্থিতিত নলবাৰী জিলাৰ কুমাৰীকাটাৰ ৰামচৰণ ভড়ালীৰ বাসগৃহৰ সন্মুখত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয় বিশিষ্ট শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্রিয়া। অসমৰ লোক পৰিবেশ্য কলাৰ পথাৰখন উকা কৰি গ’লগৈ নাগাৰা নামৰ বিখ্যাত পাঠক ৰামচৰণ ভড়ালী । চিতাৰ জুইত চিৰদিনলৈ বিলীন হৈ গ’ল বিশিষ্ট সাংস্কৃতিক কর্মীগৰাকীৰ নশ্বৰদেহ। আৰক্ষীৰ অভিবাদনেৰে যশস্বী শিল্পীগৰাকীলৈ শেষ শ্রদ্ধা জ্ঞাপন কৰা হয়। শোকাকুল পৰিৱেশৰ মাজত আজি অন্তিম যাত্ৰাৰ সাক্ষী হ’ল বহুজন। নাগাৰা নামৰ জনপ্রিয় পাঠক কৈলাস তালুকদাৰকে ধৰি প্ৰয়াত ভৰালীৰ সহযোগী শিল্পীসকলে নাগাৰা, তাল বজাই, নাম গাই তেওঁলোকৰ মৰমৰ অভিভাৱক শিল্পীগৰাকীক শেষ শ্রদ্ধা নিবেদন কৰে। উল্লেখ্য যে ওৰেটো জীৱন অসমৰ অন্যতম প্রাচীন লোক-সংস্কৃতি নাগাৰা নামৰ লগত জড়িত হৈ লোককলাক প্ৰসাৰিত কৰা নলবাৰী জিলাৰ কুমাৰীকাটা গাঁৱৰ অসম চৰকাৰৰ শিল্পী পেন্সনাৰ ৰামচৰণ ভড়ালীৰ বৃহস্পতি বাৰে নিশা ১২.২০ বজাত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ নিজ বাসগৃহতে দেহাৱসান ঘটিছিল। মৃত্যুৰ সময়ত প্রবীণ শিল্পীগৰাকীৰ বয়স হৈছিল ৮৫ বছৰ। ইপিনে, এইগৰাকী নাগাৰা নামৰ মহীৰূহৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত অসংখ্য গুণমুগ্ধই ভিৰ কৰে। শিল্পীজনাৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত উপস্থিত থাকি মন্ত্রী জয়ন্তমল্ল বৰুৱা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচার্য, নলবাৰীৰ জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী, জ্যেষ্ঠ আৰক্ষী অধীক্ষক বিবেকানন্দ দাস, জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকা, অসম সাহিত্য সভা, আছু, জিলা বিজেপি, জিলা কংগ্রেছ,জিলা অগপ কমিটী, সদৌ অসম নাগাৰা সংঘ, সদৌ অসম ভ্রাম্যমাণ থিয়েটাৰ প্ৰযোজক সন্থা, অসম প্রদেশ সাংবাদিক সন্থা, সদৌ অসম সাংবাদিক সন্থা, গন্ধর্ব সাংস্কৃতিক গোষ্ঠী (নলবাৰী), প্রজন্ম (দক্ষিণ পকোৱা), সৰগম সংগীত বিদ্যালয় (জালুকবাৰী), আঞ্চলিক জামে মছজিদ (কুমাৰীকাটা), কুমাৰীকাটা গাঁও উন্নয়ন সমিতি, কুমাৰীকাটা যুৱ সমাজ, দেসৰ কালাকুছি গাঁও উন্নয়ন সমিতি, অসম নাট্য সম্মিলনৰ দক্ষিণ পকোৱা বাঁহজানী শাখা সমিতি, জাগাৰাৰ উত্তৰ কামপীঠ কনিষ্ঠ মহাবিদ্যালয়, বলোৱা-গংগাপুৰ গাঁও পঞ্চায়তৰ প্ৰতিনিধিকে ধৰি শিল্পীগৰাকীৰ কেইবাগৰাকী ঘনিষ্ঠ, শুভাকাংক্ষী দল-সংগঠনে গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছে। শ্রদ্ধাঞ্জলি অনুষ্ঠানত আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই প্রয়াত ৰামচৰণ ভৰালীৰ নামত ৰাজ্যিক বঁটা প্ৰৱৰ্তন কৰা আৰু শিল্পীগৰাকীক মৰণোত্তৰভাৱে ৰাজ্যিক পৰ্যায়ৰ সন্মান দিয়াৰ বাবে ৰাজ্য চৰকাৰৰ ওচৰত মুকলি দাবী জনাইছে।