ৰাজ্যিক টাইকোৱাণ্ডোত স্বৰ্ণ পদক জয়ী প্ৰদানী এলিনা ৰাজবংশীক অভিনন্দন

ৰাজ্যিক টাইকোৱাণ্ডোত স্বৰ্ণ পদক জয়ী প্ৰদানী এলিনা ৰাজবংশীক অভিনন্দন

মঙ্গলদৈ,কিশোৰ কুমাৰ শৰ্মা,ৰঙিলী বাৰ্ত্তাসেৱা-  শেহতীয়া ৩৮ সংখ্যক ৰাজ্যিক টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয়ী দৰংৰ প্ৰদানী এলিনা ৰাজবংশীক দৰং জিলা টাইকোৱাণ্ডো সন্থাৰ অভিনন্দন জ্ঞাপন।  আজি জিলা টাইকোৱাণ্ডো সন্থাৰ বিষয়-ববীয়া ক্ৰমে ত্ৰিদীপ শৰ্মা,শেখৰ মজুমদাৰ,বুলমনি বৰুৱা,অমল দাস, ধনজিত পাঠক,দেৱব্ৰত ভূঞাৰ লগতে অসম টাইকোৱাণ্ডো সন্থাৰ কাৰ্যকৰী সভাপতি 5th Dan Black Belt দিগন্ত বড়াই খেলুৱৈ গৰাকীৰ বাসগৃহত উপস্হিত হৈ মানপত্ৰ আৰু ফুলাম জাপিৰে অভিনন্দন জ্ঞাপন কৰে। প্ৰতিভাবান খেলুৱৈ গৰাকীয়ে ৰাজ্যিক পৰ্যায়ৰ খেলত স্বৰ্ণ পদক অৰ্জন কৰি সমাগত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ২৮ পৰা ৩০ জুলাই ,২০২৩ত অনুষ্ঠিত হ’ব লগা 6th National Cadet Kyorugi Poomsae Taekwondo Championship অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিছে । মঙ্গলদৈ সোণালী পাম নিবাসী শিক্ষক দিগন্ত ৰাজবংশী আৰু অনিমা ডেকা ৰাজবংশীৰ কনিষ্ঠা কন্যা প্ৰদানী মঙ্গলদৈ ডনবক্স স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী। জিলা টাইকোৱাণ্ডো সন্থাৰ লগতে ক্ৰীড়ানুৰাগী মহলে জিলাখনৰ গৌৰৱ প্ৰতিভাবান খেলুৱৈ গৰাকীৰ অধিক সাফল্য কামনা কৰিছে।