ৰাজ্যিক কৰ্কট প্রতিষ্ঠানৰ হঠকাৰী সিদ্ধান্ত

ৰাজ্যিক কৰ্কট প্রতিষ্ঠানৰ হঠকাৰী সিদ্ধান্ত

ৰঙিলী বাৰ্ত্তাসেৱা- ড° বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ এক হঠকাৰী সিদ্ধান্তই সংকটত পেলাইছে ৰোগী আৰু অভিভাৱকক। ৰাজ্যৰ কৰ্কট চিকিৎসাৰ অন্যতম কেন্দ্ৰস্থল তথা আশাৰ স্থলী হিচাপে পৰিগণিত হৈ অহা কৰ্কট চিকিৎসালয়খনলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্য তথা বিদেশৰ পৰাও চিকিৎসাৰ বাবে আহে বহু আর্থিকভাৱে দুর্বল ৰোগী। কর্কট চিকিৎসাৰ ক্ষেত্ৰত বিশেষ প্রাধান্য লাভ কৰি অহা ৰাজ্যিক কৰ্কট প্রতিষ্ঠানখনে শেহতীয়াকৈ ৰোগীক মাধমাৰ শোধাই বৃদ্ধি কৰিছে ইয়াৰ মাচুল। দুখীয়া ৰোগীসকলৰ বাবে একমাত্ৰ ভৰসাস্থলী হৈ থকা এই চিকিৎসালয়খনৰ শেহতীয়াকৈ মাচুল বৃদ্ধিৰ ঘটনাই স্বাভাৱিকতে সংকতত পেলাইছে দুখীয়া ৰোগীসকলক। জানিব পৰা মতে, ৰাজ্যিক কৰ্কট প্রতিষ্ঠানখনে হঠকাৰী সিদ্ধান্তৰে প্ৰতিগৰাকী ৰোগীৰ পঞ্জীয়ন মাচুল ১০০ টকাৰ পৰা ৩৬০ টকালৈ বৃদ্ধি কৰিছে। সেয়াই নহয়, জেনেৰেল বেডৰ মাচুল ২০০ টকাৰ পৰা ১,৫০০ টকালৈ বৃদ্ধিৰ লগতে ছিংগল কেবিনৰ মাচুল ৩,০০০ টকাৰ পৰা ৪,৫০০ টকালৈ, শ্বেয়াৰিং কেবিনৰ মাচুল ২,০০০ টকাৰ পৰা ৩,০০০ টকালৈ বৃদ্ধি কৰিছে। আনহাতে, আইচিইউৰ মাচুল ১,৫০০ টকাৰ পৰা ৪,০০০ টকালৈ বৃদ্ধি কৰা হৈছে। সবাতোকৈ পৰিতাপৰ বিষয়টো হ’ল যে চিকিৎসালয়খনত ৰোগী ভর্তি হ’লে আগধন হিচাপে ১০,০০০ টকা জমা দিব লাগিব। চিকিৎসা প্রতিষ্ঠানখনে হঠাতে এনে মাচুল বৃদ্ধি কৰাক লৈ সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া। অৱশ্যে এতিয়ালৈ বর্ধিত মাচুল কেতিয়াৰ পৰা কাৰ্যকৰী হ’ব সেই সন্দৰ্ভত স্পষ্ট কৰা নাই যদিও বর্ধিত মাচুল অচিৰেই কাৰ্যকৰী কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। চিকিৎসালয়খনৰ এনে হঠকাৰী সিদ্ধান্তই আগন্তুক সময়ছোৱাত দুখীয়া ৰোগীক যে যথেষ্ট সংকটত পেলাব সেয়া একপ্ৰকাৰ স্পষ্ট হৈ পৰিছে।