ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
ৰঙিলী বাৰ্ত্তাসেৱ- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বুধবাৰে অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৃহস্পতিবাৰে লোকসেৱা ভৱনত সংবাদমেল সম্বোধন কৰি কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বিষয়ে সবিশেষ সদৰী কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় বুধবাৰে অনুষ্ঠিত কেবিনেটে হিতাধিকাৰীসকলক নগদবিহীন স্বাস্থ্যসেৱা অব্যাহত ৰাখিবলৈ ২০২৫-২৬ বর্ষত মুখ্যমন্ত্রী আয়ুষ্মান অসম যোজনা ৰূপায়ণৰ বাবে বাকী থকা ৩২৫ কোটি টকা আবণ্টনত অনুমোদন জনায়। উল্লেখ্য যে ৰাজ্যিক কৰ্কট প্রতিষ্ঠানত শেহতীয়াকৈ মাচুল বৃদ্ধিক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পাছতে মুখ্যমন্ত্রী আয়ুষ্মান অসম যোজনা আঁচনিত ধন আবণ্টনৰ ক্ষেত্রত কেবিনেটে যথেষ্ট গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্রী আয়ুষ্মান অসম কার্ড থকা ৰোগীয়ে কর্কট প্রতিষ্ঠানত আদায় দিব নালাগে মাচুল। মুখ্যমন্ত্রী ড০ শৰ্মাই বিষয়টো সন্দর্ভত স্পষ্ট কৰে যে কৰ্কট প্রতিষ্ঠানত চিকিৎসাধীন হৈ থকা ৯৮ শতাংশ ৰোগীৰ আয়ুষ্মান কার্ড আছে। গতিকে এইসকল ৰোগীয়ে মাচুল আদায় দিয়াৰ প্ৰশ্ন নাই। অৱশ্যে কার্ড নথকা কৰ্কট ৰোগীৰ ক্ষেত্ৰত বাহাল থাকিব পূৰ্বৰ নিৰিখ। আয়ুষ্মান কার্ড থকা ৰোগীৰ মাচুল কেন্দ্ৰীয় চৰকাৰে আদায় দিব। মুখ্যমন্ত্রী ড০ শৰ্মাই ইয়াকো স্পষ্ট কৰে যে ৰাজ্যিক কৰ্কট প্রতিষ্ঠানে ৰোগীৰ পৰা আগধন হিচাপে যি নিৰিখ নিৰ্ধাৰণ কৰিছিল তাক বাতিলৰ বাবে নির্দেশ দিয়া হৈছিল। সেইমর্মে আগধন লোৱা বিষয়টো বাতিল হৈছে। আনহাতে কেবিনেটে জনসাধাৰণক সুলভ মূল্যত শক্তি প্ৰদানৰ বাবে কয়লা মন্ত্ৰালয়ৰ পৰা ৫০০ মেগাৱাট বিদ্যুৎ ৫.৭৯ টকা প্রতি ইউনিটত ক্ৰয় কৰিবলৈ অনুমোদন জনায়। কেবিনেটে ধুবুৰী আৰু বিশ্বনাথত মিছন বসুন্ধৰা-৩.০ৰ অধীনত পুনৰ শ্ৰেণী বিভাজন আৰু অনাকৃষি উদ্দেশ্যৰে হস্তান্তৰকৰণৰ বাবে ৮টা প্ৰস্তাৱ পুনৰ শ্ৰেণী বিভাজনৰ বাবে অনুমোদন জনাইছে। কেবিনেট বৈঠকে উদ্যোগসমূহৰ উন্নয়নৰ সুবিধাৰ বাবে আৰু সেউজ ভবন নির্মাণত উৎসাহ যোগোৱাৰ বাবে আছাম ইউনিফাইড বিল্ডিং কনষ্ট্ৰাকচন (ৰেগুলেচন) বাই ল’, ২০২২ সংশোধনীত অনুমোদন জনায়। এই সংশোধনীয়ে ক্ষুদ্র ভূমিৰ ক্ষেত্ৰত টিঅ’ডি নীতিৰ লাভালাভপ্রাপ্ত কৰা আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকৰ বাবে আৱাসৰ সুবিধা প্রদান কৰিব। কেবিনেট বৈঠকে কার্বি আংলঙত ১,৫০০ মেগাৱাট পাম্পৰ ষ্ট’ৰেজ প্ৰকল্পৰ বাবেও অনুমোদন জনায়।