ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

ৰঙিলী বাৰ্ত্তাসেৱা-  মুখ্যমন্ত্ৰীৰ ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত শনিবাৰে দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত এই কেবিনেট বৈঠকত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মন্ত্রী জয়ন্ত মল্লবৰুৱাই। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জানিবলৈ দিয়ে যে কেবিনেটে কামৰূপ (মহানগৰ) জিলাত মিছন বসুন্ধৰাৰ পুনৰীক্ষণ আৰু সেৱা সেতুৰ আবেদনসমূহৰ জৰিয়তে ৯০০ৰো অধিক খিলঞ্জীয়া  ভূমিহীন পৰিয়াললৈ গৃহ নিৰ্মাণৰ উদ্দেশ্যে চৰকাৰী খাঁচ আৰু চিলিং উদ্বৃত্ত ভূমি নিষ্পত্তিত অনুমোদন জনায়। আনহাতে কেবিনেটে সোণাপুৰৰ আমেৰিগোগৰ ৩১ বিঘা ১ কঠা ২ লেচা ভূমি তিৰুপতি-তিৰুমালা দেৱস্থানক আবণ্টন দিবলৈ অনুমোদন জনায়। নতুন মন্দিৰটোৱে আধ্যাত্মিক আৰু সাংস্কৃতিক কার্যকলাপৰ প্ৰসাৰ ঘটাই পর্যটনৰো আকর্ষণ বৃদ্ধি কৰিব তথা স্থানীয় আন্তঃগাঁথনি আৰু অর্থনৈতিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিব। কেবিনেটে ডিব্ৰুগড়ৰ দিনজানত ২৯২ কোটি টকাৰ বন্যপ্রাণী স্বাস্থ্য আৰু গৱেষণা প্রতিষ্ঠান নির্মাণত অনুমোদন জনায়। এই আধুনিক প্রতিষ্ঠান বন্যপ্ৰাণীৰ ৰোগ নিৰীক্ষণ, গৱেষণা, প্রশিক্ষণ আৰু সংৰক্ষণৰ দিশত গুৰুত্বপূৰ্ণ কেন্দ্র হিচাপে গঢ় লৈ উঠিব। আনহাতে কেবিনেটে অসম ভৱনৰ মুম্বাইত কৰ্মৰত ৮ কৰ্মচাৰীক ফিক্সড পে’ দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে। কেবিনেটে সন্ত্রাসবাদীৰ আক্ৰমণত স্বামী নিহত হোৱা আৰু বৰ্তমান যোগাযোগ বিষয়া হিচাপে কার্যনির্বাহ কৰি থকা স্মৃতি আভা লোহিয়াৰ পদোন্নতিত অনুমোদন জনাই তেওঁক জ্যেষ্ঠ যোগাযোগ বিষয়ালৈ পদোন্নতি দিয়া হয়। কেবিনেটে কার্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও আৰু তিনিচুকীয়া জিলাৰ পথ উন্নয়ন প্ৰকল্পৰ বাবে ১১৫.১১ কোটি টকাৰ নবাৰ্ডৰ ঋণত অনুমোদন জনায়। কেবিনেটে অসম আৰক্ষীৰ হেণ্ডবুক সংশোধনীতো অনুমোদন জনায়।