ৰাজ্যিক কৃষকমৰ্চাৰ বিষয়ববীয়াৰ সভাত প্ৰাকৃতিক খেতি আৰু মিলেটৰ ওপৰত গুৰুত্ব
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চা অসম প্ৰদেশৰ আজি নলবাৰী জিলাৰ অন্তৰ্গত পূব নলবাৰী মণ্ডল কাৰ্যালয়ত ৰাজ্যিক বিষয়ববীয়াৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়৷ সভাত উপস্থিত থাকি সভাপতিৰ আসন অলংকৃত কৰে কৃষক মৰ্চাৰ ৰাজ্যিক সভাপতি দেৱজিত বৰাই যোৱা ২৯ আৰু ৩০ জানুৱাৰীত কৰ্ণাটকৰ বেলগ্ৰামত হৈ যোৱা কৃষক মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ ৰাজনৈতিক প্ৰস্তাৱকে আদি কৰি সিদ্ধান্ত সমূহ বিষদভাৱে আলোচনা কৰা হয়।কৃষক মৰ্চাৰ ৰাষ্ট্ৰীয় সমিতিৰ উপ-সভাপতি প্ৰাণ কুমাৰ দাসৰ লগতে ৰাজ্যিক কৃষক মৰ্চাৰ প্ৰভাৰী অশোক ভট্টৰাই সভাত উপস্থিত থাকি দলীয় নীতি নিৰ্দেশনা ও ৰাষ্ট্ৰীয় সমিতিৰ নিৰ্দেশনাৰ ওপৰত প্ৰভাৰী গৰাকীয়ে মাগদৰ্শন কৰে l সাধাৰণ সম্পাদক নিবাৰণ লহকৰে জনোৱা মতে ১৩ ফেব্ৰুৱাৰীত ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় কাৰ্যলয়ত প্ৰাকৃতিক খেতি.সামাজিক মাধ্যম আৰু মিলেটৰ ওপৰত ৰাজ্যিক পৰা প্ৰতিনিধি দলে অংশগ্ৰহণ কৰিব .লগতে ১৭ আৰু ১৮ ফেব্ৰুৱাৰীত মাজুলীৰ জেংৰাইত মিচিং জনগোষ্ঠীৰ সকলৰ কৃষি ভিত্তিক উৎসৱ আলি আই লৃগাং আৰু ২৮ ফেব্ৰুৱাৰীত কৃষক মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ’ব বুলি এই সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়।