ৰাজ্যিক আয় আৰু আনুষংগিক বিষয় সম্পৰ্কে গুৱাহাটীত পাঁচদিনীয়া মাণ্ডলিক পৰ্যায়ৰ কৰ্মশালা
দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰত চৰকাৰৰ পৰিসংখ্যা আৰু কাৰ্যসূচী ৰুপায়ণ মন্ত্ৰালয়ে অসম চৰকাৰৰ অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়ৰ সহযোগত আজি গুৱাহাটীৰ প্ৰগতি মেনৰ হোটেলত এখন মাণ্ডলিক পৰ্যায়ৰ পাঁচদিনীয়া কৰ্মশালাৰ আয়োজন কৰে।কৰ্মশালাখনত অসমকে ধৰি দেশৰ ৯ খন ৰাজ্য ক্ৰমে অৰুণাচল প্ৰদেশ, বিহাৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, উৰিষ্যা, ত্ৰিপুৰা আৰু পশ্চিম বংগৰ অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়ৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। ৰাজ্যিক ঘৰুৱা উৎপাদন আৰু ইয়াৰ প্ৰাসংগিক বিষয়ক লৈ ৰাজ্যসমূহৰ অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়ে প্ৰয়োগ কৰিব পৰা সঠিক পদ্ধতিসমূহ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে আয়োজন কৰা কৰ্মশালাখনৰ শুভ উদ্বোধন কৰে ভাৰত চৰকাৰৰ পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ মহানিৰ্দেশক ভাৰতীয় পৰিসংখ্যা সেৱাৰ বিষয়া কাল সিঙে। অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰালয়ৰ উপ-মহানিৰ্দেশক ড০ সুব্ৰা সৰকাৰে। অসম চৰকাৰৰ অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকায়ৰ সঞ্চালিকা নিৰুপমা তালুকদাৰে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত দেশৰ মুঠ জাতীয় আয় নিৰ্ধাৰণৰ ক্ষেত্ৰত ৰাজ্যসমূহৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ সঠিক প্ৰতিফলন সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰাৰ লগতে পূৰ্বৰ অভিজ্ঞতাৰ ভিত্তিত ৰাজ্যসমূহে সন্মুখীন হৈ অহা অসুবিধাসমূহ নিৰ্মূলকৰণৰ বিষয়েও আলোচনা কৰে।