ৰাজ্যসভা নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী বৰাকৰ কণাদ পুৰকায়স্থ

ৰাজ্যসভা নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী বৰাকৰ কণাদ পুৰকায়স্থ

ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত অসমত খালী হোৱা ৰাজ্যসভাৰ দুখন আসনৰ ভিতৰত বিজেপিয়ে প্রতিদ্বন্দ্বিতা কৰিবলগীয়া এখনৰ প্রার্থিত্বত চূড়ান্ত অনুমোদন জনালে দলৰ কেন্দ্ৰীয় নির্বাচনী সমিতিয়ে। বিজেপিৰ ৰাষ্ট্ৰীয় মুখ্য কাৰ্যালয়ৰ প্ৰভাৰীৰ দায়িত্বত থকা সাধাৰণ সম্পাদক অৰুণ সিঙে এক বিজ্ঞপ্তিযোগে প্রার্থীৰ নাম আনুষ্ঠানিকভাবে ঘোষণা কৰে। সেই অনুসৰি প্ৰাৰ্থিত্ব প্রদান কৰা হৈছে প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা উত্তৰ-পূৰ্বাঞ্চলত বিজেপিৰ সংগঠন গঢ়ি তোলাৰ অন্যতম গুৰি ধৰোঁতা কবীন্দ্ৰ পুৰকায়স্থৰ পুত্ৰ কণাদ পুৰকায়স্থক। উল্লেখ্য যে অহা ১৪ জুনত কার্যকাল উকলি যাব ৰাজ্যসভাত অসমক প্রতিনিধিত্ব কৰা অগপৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু মিছন ৰঞ্জন দাসৰ। ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই নির্বাচন আয়োগে শেহতীয়াকৈ অসম-তামিলনাডুৰ মুঠ ৮খন আসনৰ বাবে নিৰ্বাচনী সূচী ঘোষণা কৰিছিল। সেই অনুসৰি অহা ১৯ জুনত অনুষ্ঠিত হ’ব নির্বাচন। নির্বাচনী সূচী ঘোষণা কৰাৰ পাছতে প্রার্থিত্বক কেন্দ্ৰ কৰি শাসকীয় বিজেপি-অগপৰ মাজত ব্যাপক কুচকাৱাজ আৰম্ভ হয়। মুঠ ১২জন প্রার্থিত্ব প্রত্যাশীয়ে টিকট বিচাৰি ৰাজ্যিক বিজেপিৰ ওচৰত আবেদন দাখিল কৰিছিল। সেইদৰে অগপতো প্রার্থিত্বৰ দৌৰত অৱতীৰ্ণ হৈছে কেইবাজনো জ্যেষ্ঠ নেতা। অৱশেষত বিজেপিৰ কেন্দ্ৰীয় নির্বাচনী সমিতিয়ে দলীয় প্রার্থী ৰূপে বৰাক উপত্যকাৰ কণাদ পুৰকায়স্থক প্ৰক্ষেপ কৰে। কণাদ পুৰকায়স্থ সম্প্ৰতি ৰাজ্যিক বিজেপিৰ সম্পাদকৰ দায়িত্বত আছে। প্রার্থিত্ব লাভৰ পাছতকণাদ পুৰকায়স্থই গুৱাহাটীত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া ব্যক্ত কৰি তেওঁ কয় যে দলৰ ফালৰ পৰা এইবাৰ ৰাজ্যসভা নিৰ্বাচনৰ কাৰণে মোক প্ৰাৰ্থিত্ব দিছে। সেই কাৰণে দলৰ নেতৃবৃন্দ বিশেষকৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ শুভেচ্ছাৰ কাৰণে আজি মোক যি সন্মান দিয়া হৈছে, তাত মোৰ এটাই উদ্দেশ্য থাকিব। আমাৰ দলৰ চৰকাৰ অহাৰ পাছত বৰাক উপত্যকাত বহু উন্নয়নমূলক কাম আৰম্ভ হৈছে আৰু কেতবোৰ উন্নয়ন কৰিব লগা আছে। সেইটোত আমি চেষ্টা চলাম। বৰাক উপত্যকাৰ লগতে অসমৰ যিবোৰ সমস্যা আছে, সেই সন্দৰ্ভত দিল্লীত কথা পাতিম। মুখ্যমন্ত্রী ড° শৰ্মাই অসমক এখন উন্নত ৰাজ্য হিচাপে আগবঢ়াই নিবলৈ চেষ্টা কৰি আছে। তেওঁৰ এই প্ৰচেষ্টাৰ আমিও সহযোগী হ’ম। ১৯৮৮ চনতে বিজেপিৰ সদস্য হোৱাৰ কথা উল্লেখ কৰি কণাদ পূৰকায়স্থই পুনৰ কয় যে আজি ৩০-৩৫ বছৰ ধৰি দলত আছোঁ। বিভিন্ন সময়ত দলে যি দায়িত্ব দিছে মই পালন কৰিছোঁ। মোক প্ৰাৰ্থিত্ব দিয়াৰ পৰা এটা কথাই স্পষ্ট হৈছে- দলত যিয়ে দায়িত্বসহকাৰে কাম কৰিব, তেওঁলোকক আজি নহ’লেও কাইলৈ সন্মান জনাব। পূর্বে মই তিনিবাৰ বিধানসভাৰ নিৰ্বাচনৰ কাৰণে দলীয় টিকট বিচাৰিছিলোঁ। নাপালোঁ যদিও নিশ্চিতভাবে এটা আশা আছিল। অৱশেষত মই ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব লাভ কৰিলোঁ। প্রার্থিত্ব লাভৰ কথা জানি পিতৃ বর্ষীয়ান বিজেপি নেতা কবীন্দ্ৰ পুৰকায়স্থ সুখী হোৱা বুলি তেওঁ সদৰী কৰে। ৰাজ্যসভা নিৰ্বাচনৰ দলীয় প্রার্থিত্ব সন্দর্ভত মুখ্যমন্ত্রী ড° শর্মাই প্রতিক্রিয়া ব্যক্ত কৰি সংবাদ মাধ্যমৰ আগত কয় যে বিজেপিয়ে সমাজৰ সকলোকে লগত লৈ আগবাঢ়ি যাব খোজে। বৰাক উপত্যকাই বিজেপিৰ বিকাশত এক বিশিষ্ট বৰঙণি আগবঢ়াই আহিছে। এইবাৰো মই আশা কৰিছোঁ বৰাক উপত্যকাত বিধানসভাৰ ১৪খন আসনৰ ভিতৰত ১০-১১খনত আমি জয়ী হ’ব পাৰিম। ৰাইজৰ আশীৰ্বাদ বিজেপিৰ ওপৰত আছে। যোৱাবাৰ আমি ছমাহৰ কাৰণে ৰাজ্যসভাৰ এটা টিকট বৰাক উপত্যকাৰ পৰা দিব পাৰিছিলোঁ। কাৰণ কার্যকাল সিমানেই আছিল। এইবাৰ৬ বছৰ পাব। আমাৰ কেন্দ্রীয় নির্বাচনী সমিতিয়ে কণাদ পুৰকায়স্থক ৰাজ্যসভা নিৰ্বাচনৰ কাৰণে প্রার্থিত্ব প্রদান কৰিছে।