ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল যোগেন মহন,তেৰছ গোৱালা আৰু প্রমোদ বড়োৰ

ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল যোগেন মহন,তেৰছ গোৱালা আৰু প্রমোদ বড়োৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যসভাৰ অসমৰ তিনিখন আসনৰ দুখনৰ বাবে বৃহস্পতিবাৰে বিজেপিৰ হৈ বিধায়ক তেৰছ গোৱালা আৰু মন্ত্ৰী যোগেন মহনে মনোনয়ন দাখিল কৰে । আনহাতে তৃতীয়খন আসনৰ বাবে বিজেপিৰ মিত্রদল ইউ পি পি এলৰ হৈ প্ৰমোদ বড়োৱে মনোনয়ন দাখিল কৰে। ১৬ মার্চত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ এই দুগৰাকী প্রার্থীৰ লগতে মিত্রদল ইউপিপিএলৰ প্রমোদ বড়োৱে আজি মনোনয়ন দাখিল কৰে। উল্লেখ্য যে ৰাজ্যৰ তিনিখন ৰাজ্যসভা আসনৰ দুখনৰ বাবে বিজেপিয়ে কেবিনেট মন্ত্রী যোগেন মহন আৰু দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাক প্রার্থী হিচাপে প্রক্ষেপ কৰিছে। ইয়াৰ বিপৰীতে তৃতীয়খন আসন বিজেপিৰ মিত্ৰদল ইউপিপিএলক এৰি দিয়া হৈছে। নির্বাচনী সূচী অনুসৰি, ৬ মাৰ্চত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ’ব।

তদুপৰি ৯ মার্চ মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন হিচাপে ধাৰ্য কৰা হৈছে। ১৬ মার্চত অনুষ্ঠিত হ’ব ভোটগ্রহণ। ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্র দাখিল কৰিবলৈ চাইকেলেৰে উপস্থিত হয় বিধায়ক তেৰছ গোৱালা। মনোনয়ন দাখিল কৰিবলৈ আহি যোগেন মহনে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ধন্যবাদ জনায়। মনোনয়ন দাখিলৰ সময়ত প্ৰাৰ্থীকেইগৰাকীৰ সৈতে উপস্থিত থাকে কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল, মন্ত্রী অশোক সিংহল, ৰঞ্জিত কুমাৰ দাস, কেন্দ্ৰীয় মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাকে ধৰি দলৰ কেইবাজনো জ্যেষ্ঠ নেতা। আনহাতে, প্রমোদ বড়োৰ মনোনয়ন দাখিলৰ সময়ত ইউপিপিএলৰ কেইবাজনো নেতা তেওঁৰ সৈতে উপস্থিত থাকে।