ৰাজ্যসভা নির্বাচনক লৈ তৎপৰ বিজেপি  

PC - PC - anandabazar patrika

ৰাজ্যসভা নির্বাচনক লৈ তৎপৰ বিজেপি  

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যসভাৰ তিনিখন আসনৰ বাবে তৎপৰ হৈ পৰিছে শাসকীয় বিজেপি দল। ৰাজ্যসভাৰ খালী হোৱা তিনিখন আসন দখলৰ লক্ষ্যৰে ইতিমধ্যে ৰণকৌশল প্ৰস্তুত কৰা বিজেপিয়ে প্রার্থিত্বৰ তালিকাও ইতিমধ্যে প্রস্তুত কৰি ৰাখিছে। এনে প্ৰস্তুতিৰ মাজতে বিজেপিৰ ৬গৰাকী নেতাই সংগ্ৰহ কৰিলে ৰাজ্যসভাৰ মনোনয়ন-পত্র। মন্ত্রী যোগেন মোহন, দলৰ নেতা পুলক গোহাঁই, বিজেপিৰ সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মা, বিধায়ক তেৰছ গোৱালা, প্রাক্তন সাংসদ তপন গগৈৰ লগতে ৰাজ্যসভাৰ কাৰ্যকাল সম্পূৰ্ণ কৰা সাংসদ ৰামেশ্বৰ তেলীও অসম বিধানসভাৰ সচিবালয়ৰ পৰা মনোনয়ন-পত্ৰ সংগ্ৰহ কৰে। উল্লেখ্য যে ৰাজ্যসভাৰ বিজেপিৰ সাংসদ ৰামেশ্বৰ তেলী আৰু ভুবনেশ্বৰ কলিতাৰ লগতে বিৰোধী সমর্থিত প্রার্থী হিচাপে ৰাজ্যসভালৈ নির্বাচিত হোৱা অজিত ভূঞাৰো কাৰ্যকাল অহা ৯ এপ্রিলত অন্ত পৰিব। বৰ্তমান অৱস্থাত বিৰোধীয়ে পুনৰ একত্ৰিত্ব হৈ এখন ৰাজ্যসভাৰ আসন দখল কৰাৰ সম্ভাৱনা ক্ষীণ। এই পৰিস্থিতিৰ সুযোগ লৈ বিজেপিয়ে তিনিওখন আসন দখলৰ পৰিকল্পনা কৰিছে। বিজেপি দলীয় সূত্রই প্রকাশ কৰা অনুসৰি দুখন আসনৰ বাবে বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী আৰু দলৰ প্ৰাক্তন সাধাৰণ সম্পাদক পুলক গোহাঁইৰ নাম চূড়ান্ত হৈছিল যদিও শেহতীয়াকৈ আটাছুৱে ৰাজ্যসভাত আন এজন প্ৰতিনিধিৰ দাবী তুলিছিল বিজেপিৰ ওচৰত। এনে অৱস্থাত ৰাজ্যিক বিজেপিয়ে যোগেন মোহন আৰু তপন গগৈক প্রার্থিত্বৰ বাবে বাছনি কৰিছে। মাহমৰাৰ বিধায়ক তথা মন্ত্রী যোগেন মোহন আৰু তপন গগৈয়ে আহোম জনগোষ্ঠীক প্রতিনিধিত্ব কৰে। ইয়াৰ বিপৰীতে পুলক গোহাঁই হ’ল মটক জনগোষ্ঠীৰ। তদুপৰি পুলক গোহাঁয়ে মাকুম সমষ্টিৰ বাবেও প্রার্থিত্ব বিচাৰি আছে। ৰাজ্যসভালৈ দ্বিতীয়বাৰৰ বাবে ৰামেশ্বৰ তেলীক প্ৰেৰণৰ বিপৰীতে দলে দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালাক ৰাজ্যসভালৈ প্ৰেৰণ কৰিব বিচাৰিছে। সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি দুলীয়াজানত তেৰছ গোৱালাৰ স্থিতি যথেষ্ট দুর্বল। যাৰ বাবে ৰামেশ্বৰ তেলীক বিধানসভা নির্বাচনত দুলীয়াজান সমষ্টিত প্রক্ষেপ কৰি তেৰছ গোৱালাক ৰাজ্যসভালৈ প্ৰেৰণ কৰিব বিচৰা হৈছে। আনহাতে, প্রাক্তন সাংসদ তপন গগৈয়ে সোণাৰি সমষ্টিৰ প্ৰাৰ্থিত্বৰ বাবে দলৰ ওচৰত আবেদন জনাইছে। সোণাৰি সমষ্টিত বৰ্তমানৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে প্ৰাৰ্থিত্ব এৰি দিয়াৰ পক্ষপাতিত্বত নাই। যাৰ বাবে ৰাজ্যসভাৰ এখন আসনৰ বাবে তপন গগৈৰ নাম চৰ্চালৈ আহিছে। তৃতীয়খন আসনৰ বাবে প্রার্থিত্ব বিচাৰিছে দলৰ বৰ্তমানৰ সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মাই। আগন্তুক বিধানসভা সমষ্টিত চামগুৰি সমষ্টিৰ পৰ জয় হোৱাৰ আশা ক্ষীণ দেখি ৰাজ্যসভাত সংস্থাপিত হোৱাৰ লক্ষ্যৰে প্রার্থিত্ব বিচৰা দিপ্লুৰঞ্জন শৰ্মাক লৈ দলে এতিয়াও কোনো সিদ্ধান্ত লোৱা নাই। কিয়নো তৃতীয়খন আসনৰ বাবে চৰ্চাৰ মাজলৈ আহিছে ইউপিপিএলৰ সভাপতি প্রমোদ বড়োৰ নাম। আগন্তুক বিধানসভা নির্বাচনত বিপিএফৰ সৈতে নির্বাচনী মিত্ৰতাৰ বিষয়টোক লৈ ইউপিপিএলক লৈ চলি থকা সমস্যাৰ বাবে বিজেপিয়ে প্রমোদ বড়োক ৰাজ্যসভালৈ প্ৰেৰণ কৰি বিধানসভা নিৰ্বাচনৰ এক বুজাবুজিৰ অফাৰ দিব বিচাৰিছে। অৱশ্যে এই সকলোবোৰ অহাকেইদিনৰ ভিতৰতে স্পষ্ট হোৱাৰ পূর্ণ সম্ভাৱনা আছে। ৰাজ্যসভাৰ মনোনয়ন দাখিলৰ অন্তিম দিন হ’ল ৫ মার্চ। বিজেপিয়ে হোলীৰ মাজতে অর্থাৎ অহা দুদিনত তিনিখন আসনৰ বাবে প্রার্থিত্ব চূড়ান্ত কৰাৰ সম্ভাৱনা আছে।