ৰাজ্যসভাৰ প্ৰাৰ্থী বাছনি ৩জনীয়া সমিতি গঠন অগপৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অগপৰ ৰাজ্যসভাৰ প্ৰাৰ্থী বাচনি সন্দৰ্ভত বৃহস্পতিবাৰে গুৱাহাটীৰ আমবাৰীস্থ দলৰ মুখ্য কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । এই গুৰুত্বপূৰ্ণ সভাতে অসম গণ পৰিষদ (অগপ)ই এখন তিনিজনীয়া সমিতি গঠন কৰে। সর্বসন্মতিক্রমে সভাপতি অতুল বৰাৰ নেতৃত্বত সমিতিখন গঠন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সমিতিখনত সদস্য হিচাপে থাকিব কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু সাংসদ ফণীভূষণ চৌধুৰী। বৈঠকখনৰ অন্তত সংবাদ মাধ্যমৰ আগত সভাপতি বৰাই কয় যে অগপ দলৰ বিষয়ববীয়াসকলৰ সভাখনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হৈছে। আমাৰ সন্মুখত ৰাজ্যসভাৰ নিৰ্বাচন আছে। ভাৰতীয় জনতা পাৰ্টীৰ সৈতে আলোচনা কৰি প্ৰতিদ্বন্দ্বিতাৰ বাবে এখন আসন আমি লাভ কৰিছোঁ। যথেষ্টসংখ্যক কর্মকর্তাই ৰাজ্যসভাৰ প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিছে। সেয়েহে দলৰ সভাপতি, কাৰ্যকৰী সভাপতি আৰু সাংসদ ফণীভূষণ চৌধুৰীক লৈ এখন সমিতি গঠন কৰি দিয়া হৈছে। কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু সাংসদ ফণীভূষণ চৌধুৰীয়ে প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰাসকলৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ উপৰি তেওঁলোকে দলৰ জ্যেষ্ঠ নেতৃবৃন্দৰ সৈতেও মত বিনিময় কৰিব আৰু তাৰ পাছত সিদ্ধান্ত লোৱা হ’ব। তেওঁ ২৬জন কর্মকর্তাই প্রার্থিত্বৰ বাবে আবেদন কৰা বুলি উল্লেখ কৰি কয় যে সমিলমিলেৰে, বুজাবুজিৰ মাজেৰে এইক্ষেত্ৰত সিদ্ধান্ত গ্রহণ কৰা হ’ব। যিহেতু ৯ জুন মনোনয়ন দাখিলৰ দিন সেয়েহে দুই-এদিনতে প্রার্থী ঘোষণা কৰা হ’ব। তদুপৰি এই সভাখনত আগন্তুক স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰস্তুতি তথা হৈ যোৱা পঞ্চায়ত নির্বাচন সম্পৰ্কত আলোচনা কৰা হৈছে বুলিও সভাপতি বৰাই সদৰী কৰে। আনহাতে বানত ক্ষতিগ্রস্ত ৰাইজৰ কাষত কিদৰে থিয় হ’ব পৰা যায় সেই সন্দৰ্ভতো আজিৰ সভাত আলোচনা কৰা হৈছে বুলি বৰাই মন্তব্য কৰে। সভাখনত দলৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি, সাধাৰণ সম্পাদক, সম্পাদক, ভাতৃ-ভগ্নী সংগঠনসমূহৰ কেন্দ্রীয় সভাপতি আৰু কাৰ্যকৰী সভাপতি, অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে।