ৰাজ্যসভাৰ তিনিওখন আসনতেই প্রার্থিত্ব দিব বিজেপিয়ে

ৰাজ্যসভাৰ তিনিওখন আসনতেই প্রার্থিত্ব দিব বিজেপিয়ে

ৰঙিলী বাৰ্ত্তাসেৱা- অসমকে ধৰি দেশৰ ১০ ৰাজ্যৰ খালী হ’বলগীয়া ৩৭খন ৰাজ্যসভাৰ আসনৰ বাবে অহা ১৬ মার্চত নির্বাচন অনুষ্ঠিত হ’ব। এক প্রেছ বিজ্ঞপ্তিযোগে এই কথা ঘোষণা কৰিছে নির্বাচন আয়োগে। আয়োগে প্রকাশ কৰা মতে, অহা এপ্রিল মাহৰ বিভিন্ন তাৰিখত এই আসনসমূহৰ কাৰ্যকাল সমাপ্ত হ’ব। অসমৰ ক্ষেত্ৰত তিনিজন ৰাজ্যসভাৰ সাংসদ ক্রমে বিজেপিৰ ভুবনেশ্বৰ কলিতা আৰু ৰামেশ্বৰ তেলীৰ লগতে বিৰোধী ঐক্যমঞ্চৰ অজিত কুমাৰ ভূঞাৰ কাৰ্যকাল অহা ৯ এপ্ৰিলত অন্ত পৰিব। সেই অনুসৰি ৰাজ্যৰ এই তিনিখন আসনৰ বাবে উক্ত নিৰ্ধাৰিত দিনটোত ভোটগ্রহণ কৰা হ’ব। ৰাজ্যসভাৰ খালী হৈ থকা আসনসমূহৰ বাবে অনুষ্ঠিত হ’বলগীয়া আন ৰাজ্যসমূহ হৈছে- মহাৰাষ্ট্র, ওড়িশা, তেলেংগানা, তামিলনাডু, ছত্তিশগড়, পশ্চিমবংগ, হাৰিয়ানা, হিমাচল প্রদেশ আৰু বিহাৰ। ঘোষিত সূচী অনুসৰি, অহা ২৬ ফেব্ৰুৱাৰীত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ’ব। ৫ মার্চ মনোনয়ন-পত্র দাখিলৰ অন্তিম দিন হিচাপে নিৰ্ধাৰণ কৰা হৈছে। ভোটগ্রহণৰ দিনটোতে অৰ্থাৎ ১৬ মার্চত ভোটগণনা সম্পন্ন কৰা হ’ব বুলিও নির্বাচন আয়োগে প্রেছ বিবৃতিত সদৰী কৰিছে। আনহাতে অসমত খালী হ’বলগা ৰাজ্যসভাৰ তিনিখন আসনৰ বাবে বিজেপিয়ে প্রার্থিত্ব প্রদান কৰিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আনকি সংবাদ মাধ্যমৰ আগতো মুখ্যমন্ত্রীয়ে স্পষ্টভাৱে উল্লেখ কৰিছে যে তিনিওখন আসনতে বিজেপিয়ে প্রতিদ্বন্দ্বিতা কৰিব আৰু তিনিওখন আসনৰ বাবে সাজু হৈ আছে প্রার্থী। এইকেইখন আসনৰ বাদে আন কোনো ভেকেঞ্চী নাই। ইয়াৰ বাবে সকলো ধৰণৰ কথা-বতৰা সম্পূৰ্ণ হৈ আছে। তিনিওখন আসন দখলেই হ’ব বিজেপিৰ লক্ষ্য।