ৰাজ্যসভাৰ উপ-দলপতি পদৰ পৰা অপসাৰণ ৰাঘৱ চাদ্দাক
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যসভাৰ উপ-দলপতি পদৰ পৰা ৰাঘৱ চাদ্দাক অপসাৰণ কৰিলে আম আদমী পাৰ্টিয়ে। ৰাজ্যসভাত পঞ্জাৱৰ ৭জন আৰু দিল্লীৰ তিনিজন সদস্যকে ধৰি ১০জন সদস্য আছে। আম আদমী পাৰ্টীয়ে সাংসদ চাদ্দাক উপ-দলপতিৰ পদৰ পৰা অপসাৰণ কৰি ৰাজ্যসভাত নেতৃত্বৰ গাঁথনিত বৃহৎ পৰিৱৰ্তন সাধন কৰিছে । এতিয়াৰে পৰা চাদ্দাৰ স্থানত দায়িত্ব নিৰ্বাহ কৰিব লুধিয়ানাৰ সাংসদ তথা লাভলী প্ৰফেচনেল ইউনিভাৰ্চিটিৰ প্ৰতিষ্ঠাপক অশোক মিট্টালে । সচিবালয়লৈ প্ৰেৰণ কৰা এখন পত্ৰত দলটোৱে স্পষ্ট কৰি দিছে যে অশোক মিট্টালে ভৱিষ্যতেও ৰাজ্যসভাত দলৰ উপ-দলপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি যাব । সূত্ৰ অনুসৰি আম আদমী পাৰ্টিয়ে ৰাজ্যসভা সচিবালয়ক অৱগত কৰিছে যে সাংসদ ৰাঘৱ চাদ্দাক সংসদত ভাষণ দিবলৈ সময় দিয়াটো উচিত নহয়। উল্লেখ্য যে তেওঁ ৰাজ্যসভাত ৰাজহুৱা বিষয়, মধ্যবিত্তৰ বিভিন্ন সমস্যাক লৈ ধাৰাবাহিকভাৱে ভাষণ প্ৰদান কৰি আহিছিল।গিগ ৱৰ্কাৰৰ অধিকাৰ সুৰক্ষিত কৰা, ভাৰতৰ ডাঙৰ ডাঙৰ চহৰসমূহৰ যাতায়াতৰ পৰিস্থিতি অধিক বেয়া, বিমানবন্দৰত ১০ টকীয়া চাহ হওক, এক মহীয়া ৰিচাৰ্জ প্লেন দৰে বিষয়সমূহ সংসদত উত্থাপন কৰি আহিছিল তেওঁ। ৰাঘৱ চাদ্দাক পদৰ পৰা অপসাৰণ কৰাটো বৃহস্পতিবাৰৰ দিনটোত দেশৰ ৰাজনৈতিক মহলত চৰ্চাৰ বিষয় হৈ পৰিছে । বিগত কিছুদিন ধৰি দলৰ ভিতৰচ’ৰাত ভিন্ন বিষয়ত চাদ্দাৰ সক্ৰিয় ভূমিকাক লৈ বহু প্ৰশ্নও উত্থাপন হৈছে । মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে দলৰ তাৰকা প্ৰচাৰকৰ তালিকাৰ পৰা ৰাঘৱ চাদ্দাৰ নাম বাদ পৰিছিল ৷ সেই বিষয়টোৱেও যথেষ্ট চৰ্চা লাভ কৰিছিল । বৰ্তমান সংসদীয় দলত চাদ্দাক পদৰ পৰা আঁতৰ কৰাটোও সেই ধাৰাৰে অংশ বুলি গণ্য কৰা হৈছে ৷
