ৰাজ্যপালক গুৱাহাটী প্ৰেছ ক্লাবৰ সাক্ষাৎ

ৰাজ্যপালক গুৱাহাটী প্ৰেছ ক্লাবৰ সাক্ষাৎ
সাংবাদিক সুৰক্ষা আইন প্ৰৱৰ্তনৰ দাবীত স্মাৰকপত্ৰ প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা-  কৰ্মক্ষেত্ৰত সাংবাদিকৰ সুৰক্ষা আইন আৰু কেইবাটাও বিষয় লৈ গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি সুস্মিতা গোস্বামী, উপ সভাপতি যতীন ভাগৱতী আৰু সাংগঠনিক সম্পাদক কিশোৰজ্যোতি শৰ্মাৰ নেতৃত্বত প্ৰেছ ক্লাবৰ এটি প্ৰতিনিধি দলে আজি অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰে৷ সাংবাদিকসকলে বিশেষকৈ কৰ্তব্যৰ সময়ত সন্মুখীন হোৱা সমস্যাসমূহৰ আইনী সুৰক্ষা বিচাৰি স্মাৰকপত্ৰখন প্ৰদান কৰা হয়। ৰাজ্যপালৰ লগত হোৱা আজিৰ সাক্ষাৎকাৰ সৌহাৰ্দ্যপূৰ্ণ আছিল। মহামহিম ৰাজ্যপালে অনুভৱ কৰে যে সাংবাদিকসকলে প্ৰত্যাহ্বানৰ মাজেৰে নিষ্ঠাসহকাৰে কৰ্তব্য পালন কৰে আৰু তেওঁলোকৰ অসুবিধাসমূহৰ প্ৰতি সংশ্লিষ্টসকলে গুৰুত্ব দিয়া উচিত।