ৰাজ্যত ৮৫.৯১ শতাংশ ভোটদানৰে অভিলেখ সৃষ্টি

Pc thehawk.in

ৰাজ্যত ৮৫.৯১ শতাংশ ভোটদানৰে অভিলেখ সৃষ্টি

ৰঙিলী বাৰ্ত্তাসেৱা- সর্বকালৰ অভিলেখ সৃষ্টি কৰি অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনত ৮৫.১৩ শতাংশ ভোটদান কৰিলে ৰাজ্যৰ ভোটাৰ ৰাইজে । বৃহস্পতিবাৰে দীঘলীয়া সময়ৰ পিছত প্ৰথমবাৰৰ বাবে এটা পর্যায়ত অনুষ্ঠিত ভোটগ্রহণত ৰাজ্যৰ প্ৰতিটো সমষ্টিতে হিলদল ভাঙি আহিল ভোটাৰে ভোট দিবলৈ। প্রত্যেকে অংশগ্ৰহণ কৰিলে গণতন্ত্ৰৰ উৎসৱ উদযাপনত।  উল্লেখ্য যে বিগত তিনিটাকৈ বিধানসভা নির্বাচনত ভোটদানৰ হাৰক চেৰ পেলাই এইবাৰ প্ৰায় ৮৫.৯১ শতাংশ ভোটাৰে নিজৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে।  প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ২০১১ চনত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭৬.০৫ শতাংশ। আনহাতে ২০১৬ চনত দুটা পর্যায়ত অনুষ্ঠিত নির্বাচনত প্রথম পর্যায়ত ৮২.২০ শতাংশ, দ্বিতীয় পর্যায়ত ৮৭.০৩ শতাংশ ভোটদানেৰে সর্বমুঠ ৮৪.৭২ শতাংশ ভোটদান হৈছিল। একেদৰে ২০২১ চনত তিনিটা পর্যায়ত অনুষ্ঠিত ভোটগ্রহণত ভোটদানৰ হাৰ আছিল ৮২.০৪ শতাংশ। ইয়াৰে প্ৰথম পৰ্যায়ত ৭৯.৯৩ শতাংশ, দ্বিতীয় পর্যায়ত ৮০.৯৬ শতাংশ আৰু তৃতীয় পৰ্যায়ত ভোটদানৰ হাৰ আছিল ৮৫.২০ শতাংশ। আকর্ষণীয় ভোটদানৰ এই হাৰৰ বিপৰীতে এইবাৰ বিধানসভা নিৰ্বাচনত ভোটদানৰ হাৰ হ’ল প্রায় ৮৫ শতাংশ। লক্ষণীয়ভাৱে নামনি অসম আৰু মধ্য অসমৰ প্ৰায়কেইটা সমষ্টিতে ভোটদানৰ হাৰ আছিল ৯০ শতাংশতকৈ অধিক। ৰাজ্যিক নির্বাচন আয়োগে প্রকাশ কৰা অনুসৰি সর্বাধিক দলগাঁও সমষ্টিত ৯৪.৫৭ শতাংশ ভোটদান হয়। আনহাতে গোলকগঞ্জ সমষ্টিত ৯৩.৪২ শতাংশ, গৌৰীপুৰ সমষ্টিত ৯১.৭৯ শতাংশ, মানকাচৰ সমষ্টিত ৯৪.০৮ শতাংশ, জলেশ্বৰত ৯৪.৩১ শতাংশ, গোৱালপাৰা পূব সমষ্টিত ৯২.৭৯ শতাংশ, অভয়াপুৰীত ৯০.৮২ শতাংশ, সৃজনগ্রামত ৯৪.৩৩ শতাংশ, মন্দিয়া সমষ্টিত ৯২.৪৫ শতাংশ, চেঙা সমষ্টিত ৯৩.৩৮ শতাংশ, পাকাবেতবাৰীত ৯৩.২৪ শতাংশ, ছমৰীয়াত ৯২.৮২ শতাংশ, লাহৰীঘাটত ৯৩.৪৪ শতাংশ, ধিং সমষ্টিত ৯০.৩৪ শতাংশ আৰু ৰূপহীহাটত ৯২.৭৪ শতাংশ ভোটদান হয়। একেদৰে গোসাঁইগাঁৱত ৮৫.৯ শতাংশ, দোতমাত ৮৫.৮৩ শতাংশ, কোকৰাঝাৰ ৮২.৩১ শতাংশ, বাওখুংগ্রী ৮৭.৭৪ শতাংশ, পর্বতঝোৰা ৯০.৯৪ শতাংশ, ধুবুৰী ৮৯.০৩ শতাংশ, বিলাসীপাৰা ৮৭.১৬ শতাংশ, গোৱালপাৰা পশ্চিম ৮৯.২৪ শতাংশ, দুধনৈ ৮৭.২৮ শতাংশ, বঙাইগাঁও ৮৯.৮৯ শতাংশ, ছিদলী-চিৰাং ৮৪.৫৬ শতাংশ, বিজনী ৮৭.৮৬ শতাংশ, ভৱানীপুৰ-সৰভোগ ৮৮.৬৮ শতাংশ, বৰপেটা ৮৬.৭৪ শতাংশ, বজালী ৮৪.৫৬ শতাংশ, বকো-ছয়গাঁও ৮২.৯২ শতাংশ, পলাশবাৰী ৮৩.২২ শতাংশ, হাজো-শুৱালকুছি ৮৬.৯৮ শতাংশ, ৰঙিয়া ৮৬.৫৩ শতাংশ, কমলপুৰ ৮৭.৬৪ শতাংশ, দিছপুৰ ৭৩.৯৮ শতাংশ, ডিমৰীয়া ৮০.৫২ শতাংশ, মধ্য গুৱাহাটী ৭৫.২৩ শতাংশ, জালুকবাৰী ৮০.৮৩ শতাংশ, বৰক্ষেত্ৰী ৮৭.৭৫ শতাংশ, নলবাৰী ৮৭.৯৬ শতাংশ, টিহু ৮৪.৯১ শতাংশ, মানস ৮৫.২৪ শতাংশ, বাক্সা ৭৯.৬৮ শতাংশ, তামুলপুৰ ৮২.৫৬ শতাংশ, গোৰেশ্বৰ ৮১.৪২ শতাংশ, ভেৰগাঁও ৮১.৭২ শতাংশ, ওদালগুৰি ৮৮.৩৪ শতাংশ, মাজবাট ৮৩.৪২ শতাংশ, টংলা ৮৩.৪৭ শতাংশ, ছিপাঝাৰ ৮৬.৯৯ শতাংশ, মঙলদৈ ৮৯.০৯ শতাংশ, জাগীৰোড ৮৭.০৫ শতাংশ, মৰিগাঁও ৮৪.৫৬ শতাংশ, কলিয়াবৰ ৮৫.৩০ শতাংশ, বঢ়মপুৰ ৮২.৮৫ শতাংশ, নগাঁও-বটদ্রৱা ৮৩.৩৬ শতাংশ, ৰহা ৮৩.৮৩ শতাংশ, বিন্নাকান্দি ৮৭.০৬ শতাংশ, হোজাই ৮৭.৫৩ শতাংশ, লামডিং ৮৬.৫০ শতাংশ, ঢেকীয়াজুলি ৮০.৭৩ শতাংশ, বৰছলা ৮২.৬২ শতাংশ, তেজপুৰ ৮২.১৭ শতাংশ, ৰঙাপৰা ৮৩.৪৯ শতাংশ, নদুৱাৰ ৮২.৫১ শতাংশ, বিশ্বনাথ ৮৩.৯৩ শতাংশ, বিহালী ৮৪.৮২ শতাংশ, গহপুৰ ৮৩.১০ শতাংশ, বিহপুৰীয়া ৮১.৯৬ শতাংশ, ৰঙানদী ৮৭.৬৫ শতাংশ, নাওবৈচা ৮৫.২৬ শতাংশ, লখিমপুৰ ৮৫.৩৪ শতাংশ, ঢকুৱাখনা ৮১.৫৪ শতাংশ, ধেমাজি ৭৮.৬৪ শতাংশ, চিচিবৰগাঁও ৭৮.৯৭ শতাংশ, জোনাই ৭৯.৪১ শতাংশ, শদিয়া ৭৭.৯২ শতাংশ, ডুমডুমা ৮০.৩৮ শতাংশ, ডিগবৈ ৮৭.৩৭শতাংশ, মাৰ্ঘেৰিটা ৭৮.৪৩ শতাংশ, ডিগবৈ ৭৮.৪৩ শতাংশ, মাকুম ৭৮.৩৭ শতাংশ, তিনিচুকীয়া ৭৭.৭৯ শতাংশ, চাবুৱা-লাহোৱাল ৮১.৪১ শতাংশ, ডিব্ৰুগড় ৭৭.৯০ শতাংশ, খোৱাং ৮২.৫৫ শতাংশ, দুলীয়াজান ৭৯.৭১ শতাংশ, টিংখাং ৮০.১২ শতাংশ, নাহৰকটীয়া ৭৮.৮১ শতাংশ,

সোণাৰি ৮২.৩৬ শতাংশ, মাহমৰা ৮৩.৫৫ শতাংশ, ডিমৌ ৮২.৯৫ শতাংশ, শিৱসাগৰ ৮২.২৯ শতাংশ, নাজিৰা ৮৪.৭৯ শতাংশ, মাজুলী ৮৩.৬৭ শতাংশ, টীয়ক ৭৯.৯২ শতাংশ, যোৰহাট ৭৭.৯৭ শতাংশ, মৰিয়ন ৮০.৭৭ শতাংশ, তিতাবৰ ৮০.৭০ শতাংশ, গোলাঘাট ৮০.৪৮ শতাংশ, দেৰগাঁও ৮০.৯৬ শতাংশ, বোকাখাত ৮১.৮৫ শতাংশ, খুমটাই ৮৩.৫৪ শতাংশ, সৰুপথাৰ ৭৭.৩৮ শতাংশ, বোকাজান ৭৭.৩৫ শতাংশ, হাওৰাঘাট ৭৬.১১ শতাংশ, ডিফু ৭৩.০৩ শতাংশ, ৰংখাং ৭৪.৮২ শতাংশ, হাফলং ৭৯.৯৬ শতাংশ, লখিপুৰ ৮৩.৭০ শতাংশ, উদাৰবন্দ ৮১.৬৯ শতাংশ, কাটিগড়া ৮৬.৩৭ শতাংশ, বৰখলা ৮৩.৯৬ শতাংশ, শিলচৰ ৭৯.৯৭ শতাংশ, সোণাই ৮০.৯২ শতাংশ, ধলাই ৭৮.৫৫ শতাংশ, হাইলাকান্দি ৭৮.৫১ শতাংশ, আলগাপুৰ-কাটলিচেৰা ৭৯.২৯ শতাংশ, কৰিমগঞ্জ উত্তৰ ৮৪.৫৭ শতাংশ, কৰিমগঞ্জ দক্ষিণ ৮১.৩৩ শতাংশ, পাথাৰকান্দি ৮৩.৩৯ শতাংশ আৰু ৰামকৃষ্ণ নগৰ সমষ্টিত ভোটদানৰ হাৰ আছিল ৮৪.৫২ শতাংশ। লক্ষণীয় দিশটো হ’ল যে ৰাজ্যৰ ১২৬টা সমষ্টিৰ ভিতৰত পূৰ্বৰ পূব গুৱাহাটী আৰু বৰ্তমানৰ নিউ গুৱাহাটী সমষ্টিত প্রতিটো নির্বাচনতে ভোটদানৰ হাৰ যথেষ্ট কম হোৱাৰ যি এক অপবাদ আছিল সেই অপবাদক অতিক্ৰম কৰি এইবাৰ গুৱাহাটী মহানগৰীৰ এই সমষ্টিটোত ভোটদানৰ হাৰ আছিল ৭১.২৭ শতাংশ। অৱশ্যে কাৰ্বি আংলং জিলাৰ আৰি সমষ্টিত সবাতোকৈ কম ৭০.৪৮ শতাংশ ভোটদান হয়। উল্লেখ্য যে ৰাজ্যৰ ১২৬টা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰা মুঠ ৭২২গৰাকী প্ৰাৰ্থীৰ ভাগ্য আজি ইভিএমত বন্দী হয়। ২০২৬ৰ বিধানসভা নিৰ্বাচনত ২ কোটি ৪৯ লাখ ৫৮ হাজাৰ ১৩৯গৰাকী ভোটাৰে আজি থিৰাং কৰিলে ৭২২গৰাকী প্ৰাৰ্থীৰ ভাগ্য। ভোটদান কৰা মুঠ ভোটাৰৰ ১ কোটি ২৪ লাখ ৮২ হাজাৰ ২১৩জন পুৰুষ আৰু ১ কোটি ২৪ লাখ ৭৫ হাজাৰ ৫৮৩গৰাকী মহিলা ভোটাৰ।  ৰাজ্যজুৰি ভোটাৰে গভীৰ উৎসাহেৰে নিজৰ গণতান্ত্রিক অধিকাৰ এক শান্তিপূর্ণ পৰিৱেশত সাব্যস্ত কৰে। ঠায়ে ঠায়ে প্রতিকূল বতৰকো নেওচি ভোটাৰৰ ভোটদানৰ উৎসাহ আছিল লক্ষণীয়। আয়োগে নির্বাচনত স্বচ্ছতা আৰু সকলো ভোটাৰৰ অংশগ্ৰহণ সুনিশ্চিত কৰাৰ বাবে ভোটকেন্দ্ৰত বিশেষ ব্যৱস্থা গ্রহণ কৰিছিল। আইন-শৃংখলা অটুট ৰাখিবলৈ পর্যাপ্ত নিৰাপত্তা ব্যৱস্থা, জ্যেষ্ঠ নাগৰিক, দিব্যাংগ আৰু অন্যান্য ভোটাৰৰ বাবে বিশেষ ব্যৱস্থা আগবঢ়োৱা হৈছিল। ৰাজ্যিক মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে ৰাজ্যৰ সকলো নাগৰিককে তেওঁলোকক সক্রিয় অংশগ্রহণ আৰু সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। দুই-এটা বিক্ষিপ্ত ঘটনাক বাদ দি কার্যতঃ সফলভাবে সম্পন্ন হয় ভোটদান।