ৰাজ্যত ১৮ ঊর্ধ্বৰ কোনো নাগৰিকেই নতুনকৈ নাপাব আধাৰ কাৰ্ডঃমুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- বাংলাদেশী অনুপ্রৱেশকাৰীয়ে যাতে আধাৰ কাৰ্ডৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব নোৱাৰে, সেইক্ষেত্ৰত প্রতিবন্ধকতা সৃষ্টিৰ লক্ষ্যৰে বৃহস্পতিবাৰে গুৱাহাটীৰ কইনাধৰাস্থিত ১নং ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেটে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰিছে। এতিয়াৰে পৰা অসমত ১৮ বছৰ ঊর্ধ্বৰ লোকৰ বাবে নিষিদ্ধ কৰা হৈছে নতুনকৈ আধাৰ পঞ্জীয়ন। যিকোনো অনুপ্রৱেশকাৰীৰ সম্ভাব্য প্ৰৱঞ্চনামূলক আধাৰ পঞ্জীয়ন ৰোধ কৰিবলৈ ৰাজ্যত ১৮ বছৰ বয়সৰ ঊর্ধ্বৰ নাগৰিকৰ আধাৰ পঞ্জীয়নৰ বাবে সংশোধিত মানক পৰিচালনা বিধি (এছঅ’পি) ‘ষ্টেট গভর্নমেন্ট প’ৰ্টেল’ৰ অধিসূচনা তথা ৰূপায়ণত ৰাজ্যিক কেবিনেটে অনুমোদন জনাইছে। কেবিনেট বৈঠকৰ অন্তত অনুষ্ঠিত এক সংবাদ মেলত মুখ্যমন্ত্রী ড° শর্মাই কয় যে বিগত এটা বছৰত বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশকাৰীক আমি নিৰন্তৰ ধৰা পেলাই আছোঁ। বুধবাৰৰ দিনটোতো ৭জন অনুপ্রৱেশকাৰীক ঘূৰাই পঠিওৱা হৈছে। কিন্তু সকলোকে ধৰিব পৰাটোত আমি নিশ্চিত নহয়। সেয়েহে আমি এটা সুৰক্ষামূলক ব্যৱস্থা গ্রহণ কৰিব বিচাৰিছোঁ। যাতে অসমৰ ভিতৰত সোমাই আধাৰ কাৰ্ড লৈ অনুপ্ৰৱেশকাৰীয়ে ভাৰতীয় নাগৰিক হ’ব নোৱাৰে। সীমান্তৰ সিপাৰৰ পৰা অহা কোনো অনুপ্ৰৱেশকাৰীয়ে প্ৰৱঞ্চনাৰে আধাৰ কাৰ্ড লাভ কৰিব নোৱাৰাৰ বাবে এছঅপিৰ প্ৰয়োজন। ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকক নতুনকৈ আধাৰ কাৰ্ড দিয়া নহ’ব। অৱশ্যে এই নিষেধাজ্ঞা অনুসূচিত জাতি-জনজাতি-চাহ জনগোষ্ঠীৰ ব্যক্তিৰ ক্ষেত্ৰত এবছৰৰ বাবে প্ৰযোজ্য নহ’ব বুলি তেওঁ সদৰী কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই প্রকাশ কৰা মতে, অনুসূচিত জাতি-জনজাতি-চাহ জনগোষ্ঠীৰ আধাৰ কাৰ্ড নথকা ব্যক্তিসকলৰ আধাৰ পঞ্জীয়ন এবছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব। কিয়নো এই সম্প্রদায়কেইটাৰ লোকসকলৰ ৯৬ শতাংশইহে বৰ্তমানলৈকে আধাৰ কাৰ্ড লাভ কৰিছে। ইয়াৰ বিপৰীতে সামগ্রিকভাৱে অসমৰ মুঠ জনসংখ্যাৰ ১০২ শতাংশ লোকৰ আধাৰ পঞ্জীয়ন ইতিমধ্যে সম্পন্ন হোৱা বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্রী ড° শর্মাই পুনৰ কয় যে অন্য সম্প্ৰদায়ৰ কোনো লোকে যদি এতিয়াও আধাৰ কাৰ্ড পাবলৈ বাকী আছে, তেওঁলোকক ছেপ্টেম্বৰ মাহৰ ভিতৰত আবেদন কৰিবলৈ মই আহ্বান জনাম। কিয়নো কেবিনেটৰ সিদ্ধান্তৰ অধিসূচনা অক্টোবৰৰ পৰা কাৰ্যত পৰিণত হ’ব। একেবাৰে বিৰল ক্ষেত্ৰত ১৮ বছৰ বয়সৰ ঊর্ধ্বৰ নাগৰিকৰ বাবে আধাৰ পঞ্জীয়নৰ কর্তৃত্ব জিলা আয়ুক্তক দিয়া হৈছে। জিলা আয়ুক্তই অসম আৰক্ষীৰ বিশেষ শাখা আৰু বিদেশী ন্যায়াধিকৰণৰ লগত কথা পাতিহে তেনে লোকক আধাৰ কাৰ্ড দিব পাৰিব। ইয়াৰ বিপৰীতে ১৮ বছৰ অনূর্ধ্বৰ তথা নতুনকৈ জন্মলাভ কৰাসকলৰ ক্ষেত্ৰত সকলোৰে বাবে আধাৰ পঞ্জীয়ন তথা আধাৰ কাৰ্ড লাভৰ পদ মুকলি থাকিব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্রী ড° শর্মাই।