ৰাজ্যত মাটিৰ দালালৰ বিৰুদ্ধে অসম আৰক্ষীৰ তীব্ৰ অভিযান

pc The Assam Tribune

ৰাজ্যত মাটিৰ দালালৰ বিৰুদ্ধে অসম আৰক্ষীৰ তীব্ৰ অভিযান

অনলাইন বাৰ্ত্তাসেৱা – ৰাজ্যত মাটিৰ দালালৰ বিৰুদ্ধে অসম আৰক্ষীৰ তীব্ৰ অভিযান। সোমবাৰে নিশা ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৪ শতাধিক মাটিৰ দালালক। কামৰূপ মহানগৰ জিলাত আটক কৰা হৈছে ২২ টা মাটিৰ দালালক। কামৰূপ গ্ৰাম্য জিলাত আটক কৰা হৈছে ৫২ টা দালালক। পাটাছাৰকুছি থানাত ১৮ টা মাটিৰ দালালক সোধা-পোছা। নলবাৰীত সাংবাদিকসহ আটক ২০ টা মাটিৰ দালাল। ডিব্ৰুগড়ত আটক কৰা হৈছে ১৮ টা দালালক। বৰপেটাত আটক হৈছে ৬ টা মটিৰ দালাল। দেৰগাঁৱটো আটক কৰা হৈছে কেইবাটাও দালালক। একেদৰে বঙাইগাঁৱত ১৪ টা আৰু যোৰহাটত ৯ টা দালালক নিশাই আটক কৰা হৈছে। লখিমপুৰত ১৩ টা, ধুবুৰীত ৮ টা, বিশ্বনাথত ১৪ টা দালালক আটক কৰিছে আৰক্ষীয়ে। আটকাধীন মাটিৰ দালাল বোৰক সোধাপোছা অব্যাহত ৰাখিছে। আটক হোৱা দালালৰ মাজত আছে বহু সম্ভ্ৰান্ত ব্যক্তি। ৰাজহুৱা অনুষ্ঠান, প্ৰতিষ্ঠানৰ সৈতে জড়িত ব্যক্তিও মাটিৰ দালালৰ অভিযোগত আটক হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে আৰক্ষীয়ে এই অভিযান চলাইছে। মঙ্গলবাৰৰ দিনটোৰ ভিতৰত আৰু অধিক দালাল আটকহোৱাৰ সম্ভাৱনা আছে।