ৰাজ্যত ভূমিকম্পৰ জোকাৰণি
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাটাও প্ৰান্তত ভূমিকম্পটোৰ জোকাৰণি অনুভূত হয়।পুৱা ১০ বাজি ০৮ মিনিটত অনুভূত জোকাৰণি। প্ৰাথমিক তথ্য অনুসৰি, ভূমিকম্পৰ অভিকেন্দ্ৰ বাংলাদেশ বুলি জানিব পৰা গৈছে। হঠাৎ অহা এই ভূমিকম্পৰ ফলত কোনো ক্ষয়-ক্ষতিৰ তথ্য পোৱা নাই।ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ তথ্য (প্ৰাৰম্ভিক) অনুসৰি, এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.২ ৰিখটাৰ স্কেল।
