ৰাজ্যত বৰ্ধিত নাৰী নিৰ্যাতনৰ ঘটনাত উদ্বেগ অসম তৃণমূল মহিলা কংগ্ৰেছৰ ৰাজ্যিক মহিলা আয়োগক স্মাৰক পত্ৰ প্ৰদান

ৰাজ্যত বৰ্ধিত নাৰী নিৰ্যাতনৰ ঘটনাত উদ্বেগ অসম তৃণমূল মহিলা কংগ্ৰেছৰ ৰাজ্যিক মহিলা আয়োগক স্মাৰক পত্ৰ প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা-  শেহতীয়াকৈ অসমত নাৰী নিৰ্যাতনৰ ঘটনাত উদ্বেগ প্ৰকাশ কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষীক বাধ্য কৰোৱাৰ দাবীৰে অসম তৃণমূল মহিলা কংগ্ৰেছৰ এটি সঁজাতী দলে ৰাজ্যিক মহিলা আয়োগৰ সদস্য সচিব ড° প্ৰীতি লেখা ডেকাক সাক্ষাৎ কৰি এক স্মাৰক পত্ৰ প্ৰদান কৰে।সাধাৰণ সম্পাদিকাদ্বয় স্মৃতি শৰ্মা আৰু অঞ্জলি ব্ৰহ্মৰ দ্বাৰা স্বাক্ষৰিত স্মাৰক পত্ৰত অসম তৃণমূল মহিলা কংগ্ৰেছে কয়,’শেহতীয়াকৈ ৰাজ্যখনত বহু ক্ষেত্ৰত নাৰীসকল অসুৰক্ষিত হৈ পৰা আমি দেখি আহিছো। এই সময়ছোৱাত ৰাজ্যৰ ভিন্ন প্ৰান্তত বলাৎকাৰৰ বলি হৈছে বহু মহিলা তথা নাবালিকা। সেইদৰে গুৱাহাটী মহানগৰীত দিন দুপৰতে মহিলাৰ ডিঙিৰ পৰা চেইন চুৰিৰ ঘটনাও নিত্য নৈমিত্তিক ঘটনা হৈ পৰিছে। কিন্তু আচৰিতভাৱে এই ঘটনাসমূহত জড়িত অভিযুক্তক আৰক্ষীয়ে পদক্ষেপ গ্ৰহণত ব্যৰ্থ হোৱাটো দুৰ্ভাগ্যজনক।এই প্ৰসংগত কেইটামান তথ্য আগবঢ়াব বিচাৰিছো।বলাৎকাৰৰ ঘটনা-১ বৰডুবিত বিজেপিৰ এগৰাকী পঞ্চায়ত সভাপতিৰ দ্বাৰা নাবালিকাক বলাৎকাৰ। দোষীৰ বিৰুদ্ধে আৰক্ষীৰ ব্যৱস্থা শূন্য।বলাৎকাৰৰ ঘটনা-২ গোলাঘাট জিলাৰ দেৰগাঁৱত মন্দিৰৰ পুৰোহিতৰ দ্বাৰা ১৩ বছৰীয়া পালিত কন্যাক বলাৎকাৰৰ ঘটনা। অভিযুক্ত সম্ভু দোছাদক আৰক্ষীয়ে কৰায়ত্ব কৰিব পৰা নাই।বলাৎকাৰৰ ঘটনা-৩ কাছাৰৰ ৰাজনগৰ কাটাটিল্লাত সঞ্জয় ৰয় নামৰ এজনৰ দ্বাৰা ৯ বছৰীয়া নাবালিকাক বলাৎকাৰ। এই ক্ষেত্ৰত আৰক্ষীৰ ব্যৱস্থা শূন্য।বলাৎকাৰৰ ঘটনা ৪ ধনশিৰি মহকুমাৰ উৰিয়ামঘাটত জাহিৰুল আলম নামৰ লোকজনৰ দ্বাৰা নাবালিকাক অপহৰণ কৰি ধৰ্ষণ। বলাৎকাৰৰ ঘটনা-৫ নগাঁও জিলাৰ বটদ্ৰৱাৰ মেৰাতলত দুই পথাচাৰী মহিলাক ৫ দুৰ্বৃত্তৰ দ্বাৰা বলাৎকাৰ। জাজৰি থানাত গোচৰ দিয়াৰ পাছতো অভিযুক্ত ছাহজাহান, নাছিৰুদ্দিন, ৱাজিউল ইছলাম,আনাৰ হুছেইন, হাবিজুদ্দিনৰ বিৰুদ্ধে আৰক্ষীৰ ব্যৱস্থা শূন্য।বলাৎকাৰৰ ঘটনা-৬ মৰিয়নিৰ অসম-নাগালেণ্ড সীমান্তৰ চেলেঙত টিংকু গড় নামৰ লম্পটৰ দ্বাৰা খুৰাকৰ ১২ বছৰীয়া কন্যাক বলাৎকাৰ।বলাৎকাৰৰ ঘটনা-৭ লখিমপুৰ জিলাৰ বগীনদীৰ অকৰাবস্তি গাঁৱত আব্দুল আলী নামৰ জলজীৱনৰ মিছনৰ কামত জড়িত ধুবুৰী জিলাৰ শ্ৰমিকৰ দ্বাৰা যুৱতীক ধৰ্ষণ। বলাৎকাৰৰ দৃশ্য গোপনে ম’বাইলত ৰেকৰ্ডিং কৰি ঘটনাৰ বিষয়ে মুখ খুলিলে ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি দি ঢকুৱাখানালৈ পলায়ন কৰে আব্দুল আলী। দোষীৰ বিৰুদ্ধে ব্যৱস্থা শূন্য।এইকেইটা মাত্ৰ সংবাদ মাধ্যমত প্ৰকাশিত তথ্যহে। এনেকৈ যৌন নিৰ্যাতন, বলাৎকাৰৰ ঘটনা দিনক দিনে বৃদ্ধি পাইছে। আনহাতে মহানগৰীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত মহিলাৰ ডিঙিৰ পৰা দিন দুপৰতে ডিঙিৰ চেইন বলপূৰ্বক ছিঙি লৈ যোৱা বিগত সময়ছোৱাত বৃদ্ধি পাইছে। কিন্তু কোনোটোতে আৰক্ষীক ব্যৱস্থা গ্ৰহণ কৰা দেখা নাই। বহু ক্ষেত্ৰত চিচিটিভিৰ ভিজুৱেলসহ জমা দিয়াৰ পাছতো আৰক্ষী নীৰৱ-নিৰ্বিকাৰ হৈ থকাটো ৰহস্যজনক হৈ পৰিছে। এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি অসমৰ নাৰী সমাজক সুৰক্ষা দিবৰ বাবে আৰক্ষী প্ৰশাসনক বাধ্য কৰাৰ বাবে দাবী জনালো৷