ৰাজ্যত বানপানীয়ে ধাৰণ কৰিছে ভয়াৱহ ৰূপ

ৰাজ্যত বানপানীয়ে ধাৰণ কৰিছে ভয়াৱহ ৰূপ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত বানপানীয়ে ধাৰণ কৰিছে ভয়াৱহ ৰূপ। ১৯ খন জিলাত বানে বিভীষিকা সৃষ্টি কৰিছে । ৰাজ্যৰ ১৯ খন জিলাৰ ১,২৭৫ খন গাঁও বৰ্তমান বানৰ কৱলত পৰিছে। বৰ্তমান ৭২টা আশ্ৰয় শিবিৰত আছে ৮,১৪২ জন বানাক্ৰান্ত। আশ্ৰয় শিবিৰত আছে ৩,৩৬১ জন পুৰুষ আৰু ২,৮৬৮ গৰাকী মহিলা। ৰাজ্যৰ আশ্ৰয় শিবিৰত আছে ১,৮৭১টা শিশু। কৰিমগঞ্জত সৰ্বাধিক ২,২৪৪ জন লোক আছে আশ্ৰয় শিবিৰত। ৬৪টা শিবিৰত ইতিমধ্যে বানাক্ৰান্তক সাহায্য সামগ্ৰী বিতৰণ কৰা হৈছে। বানৰ কবলত পৰিছে ৪,৮৫,০৭৬ জীৱ-জন্তু। এই মুহূৰ্তত বিপদ সীমা অতিক্ৰম কৰিছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই। প্ৰতিটো ঘন্টাত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ পানী। গুৱাহাটীতো বাঢ়িছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। বিপদসীমা অতিক্ৰম কৰিছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই। ভৰলুৰে গুৱাহাটীত সোমাইছে ব্ৰহ্মপুত্ৰৰ পানী। পানী সোমোৱাত বন্ধ কৰিছে শান্তিপুৰৰ শ্লুইছ গেট। আনহাতে, বানৰ কৱলত পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ২২৩টা বন শিৱিৰৰ ভিতৰত বানে প্লাৱিত কৰিছে ৯৫টা বন শিবিৰ এলেকা ৷ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি, বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ ২০টা আৰু পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ অন্তৰ্গত অগৰাতলি বনাঞ্চলত ৩৪টা, কহঁৰা বনাঞ্চলত ২০টা, বাগৰি বনাঞ্চলত ১০টা, বোকাখাত বনাঞ্চলত ৬টা বনশিবিৰ এলেকা প্লাৱিত কৰিছে বানে।