ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। পুৱা প্ৰায় ৯ বাজি ২২ মিনিটত অনুভূত হয় জোকাৰণি।ভূমিকম্পৰ অভিকেন্দ্ৰ অসমৰ কাৰ্বি আংলং জিলাত বুলি জানিব পৰা গৈছে। National Center for Seismologyৰ তথ্য অনুসৰি ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.১। জানিব পৰা মতে,গুৱাহাটীকে ধৰি মধ্য অসম আৰু বৰাক উপত্যকাত অনুভূত হয় জোকাৰণি। অৱশ্যে এতিয়ালৈকে ইয়াৰ ক্ষয়-ক্ষতিৰ কোনো তথ্য পোহৰলৈ অহা নাই। উল্লেখ্য যে, চলিত বছৰটোতে কেইবাটাও ভূমিকম্পই জোকাৰি গৈছে অসমক।