ৰাজ্যত পুনৰ ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি

Pc- BBC

ৰাজ্যত পুনৰ ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যত পুনৰ ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ হৈছে গুৱাহাটীৰ মহানগৰ প্ৰশাসন।গুৱাহাটীত যাতে ক’ভিডৰ অধিক সংক্ৰমন হ’ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা প্ৰশাসনে বিশেষ গুৰুত্ব আৰোপ কৰিছে।ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে গুৱাহাটীত কঠোৰ হ’ব জিলা প্ৰশাসন।বিগত কিছু দিন ধৰি কামৰূপ মহানগৰত সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ পাছতেই সোমবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিত পেগুয়ে এক সংবাদমেল সম্বোধন কৰে।গুৱাহাটীত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ বাবে পুনৰ মাক্স পৰিধান কৰা নিয়ম কঠোৰ ভাৱে বলৱৎ কৰাৰ কথা প্ৰকাশ কৰে উপায়ুক্তগৰাকীয়ে।কোনো লোকে মাক্স নিপিন্ধিলে ভৰিব লাগিব ৫০০ টকাৰ জৰিমনা।উল্লেখযোগ্য যে,দীৰ্ঘদিনৰ অন্তত বিদ্যালয় খোলাৰ পাছতেই মহানগৰীৰ বিদ্যালয়সমূহতো বৃদ্ধি হৈছিল ক’ভিডৰ সংক্ৰমণ।সেই অনুসৰি মহানগৰীৰ কিছু বিদ্যালয় পুনৰ বন্ধ হোৱাৰ সম্ভাৱনা আছে।ইয়াৰ ভিতৰত গুৰুকুল গ্ৰামাৰ চেকেণ্ডাৰী স্কুল ক’ভিডৰ সংক্ৰমণৰ বাবে বন্ধ কৰাৰ সিদ্ধান্ত আজিৰ ভিতৰত লোৱা হ’ব বুলি জানিবলৈ দিছে উপায়ুক্তগৰাকীয়ে।আনহাতে বহুকেইজন ছাত্ৰ-ছাত্ৰী ক’ভিডত আক্ৰান্ত হোৱাৰ বাবেই ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে ৰুক্মিণীগাঁওৰ আনন্দ একাডেমী।