ৰাজ্যত পুনৰ অনুষ্ঠিত হ’ব শিক্ষক নিযুক্তি প্ৰক্ৰিয়া
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত পুনৰ অনুষ্ঠিত হ’ব শিক্ষক নিযুক্তি প্ৰক্ৰিয়া। শিক্ষা বিভাগত নতুনকৈ আৰু ৪,৫০০টা শিক্ষক পদত নিযুক্তি হ’ব। সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চৰ ভিতৰত প্ৰাৰ্থীসকলে অনলাইনযোগে আবেদন কৰিব পাৰিব। dee.assam.gov.inত প্রার্থীসকলে আবেদন কৰিব লাগিব।এই সন্দৰ্ভত সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই লিখিছে, “আন এক সুখবৰ। ২০২৬ চনৰ ভিতৰত আমাৰ ১.৫ লাখ চৰকাৰী চাকৰিৰ লক্ষ্য পূৰণৰ দিশে আগুৱাই আমি শীঘ্ৰেই ৰাজ্যত নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিক শিক্ষকৰ ৪,৫০০ পদৰ বাবে নিযুক্তি মুকলি কৰিবলৈ গৈ আছোঁ। আবেদন প্রক্রিয়া ১৫ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ dee.assam.gov.in মুকলি কৰি দিয়া হ’ব।” উল্লেখ্য যে যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপি দলে চৰকাৰ গঠন কৰিলেই এক লাখ নিবনুৱা যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ প্ৰতিশ্রুতি দিছিল। চৰকাৰে ইতিমধ্যে সেই প্রতিশ্রুতি পূৰণ কৰি এক লাখৰ সীমা অতিক্ৰম কৰাই নহয়, এতিয়া ডেৰ লাখৰ সংখ্যা স্পৰ্শ কৰাৰ দিশে অগ্ৰসৰ হৈছে। আনকি, অহা ১০ মে’ৰ পূৰ্বে ৰাজ্যখনত নতুনকৈ প্রায় ৩৫ হাজাৰ পদত নিযুক্তি হ’ব।